শীৰ্ষ বাতৰি

কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ ৰণহুংকাৰ

Sentinel Digital Desk

গুৱাহাটী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়,তথা অন্য মহাবিদ্যালয় ,বিশ্ববিদ্যালয় ছাত্ৰ সমাজে শুক্ৰবাৰে কটনৰ সন্মুখৰ ৰাজপথত অনুষ্ঠিত কৰা ৰণহুংকাৰ শীর্ষক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে বহুসংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে ৰাজ্যৰ বুদ্ধিজীৱী,শিল্পী,ৰাজনৈতিক ক্ষেত্ৰৰ বহু লোকে অংশগ্ৰহন কৰাৰ লগতে ছাত্ৰ সমাজৰ এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীযে কয় যে,অসমৰ ছাত্ৰ সমাজে কেতিয়াও কেব গ্ৰহণ নকৰে।

অন্য কোনো বিকল্প নথকাৰ বাবেহে উপায়হীন হৈ অসমৰ ৰাইজে বিজেপিক ভোট দিছিল,কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অসমৰ ৰাইজে বিজেপিক অসম বিক্ৰীৰ বাবে অধিকাৰ দিছে। ৰণহুংকাৰ শীর্ষক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মন্তব্য কৰে যে, ১৯৭১ চনৰ পিছত অহা কোনো লোককে অসমে গ্ৰহণ নকৰে,লাগিলে তেওঁ বা তাইৰ যি ধৰ্মীয় পৰিচয়এ হওক । মই কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব নকৰোঁ ।কিন্তু ৰাজ্যত বৰ্তমান যেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ বাবেহে ওলাই আহিছোঁ।আমাৰ মাতৃভূমিৰ বাবে আমি মাত মাতিব ওলাই আহিছোঁ।প্ৰয়োজন হলে আমি যি কোনো আন্দোলনৰ পন্থা লম।এইদৰে মন্তব্য কৰে জুবিন গাৰ্গে।

অন্যহাতে ,বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে কয় যে,এনে সিদ্ধান্তৰে চৰকাৰে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক পুনৰবাৰ হত্যা কৰিব বিচাৰিছে।

সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী শইকীয়াই কয় যে,অসমৰ ৰাইজক মিছা কথা কৈ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যত প্ৰযোজ্য কৰিব বিচাৰিছে কিন্তু আমি এনে হব নিদিওঁ।অসমৰ পৰিচয় ৰক্ষাৰ বাবে বহিৰাগত লোকৰ প্ৰয়োজন নাই।বিধেয়ক খনৰ সমৰ্থন দিয়া লোক সকলক সৱধানবাণী শুনাই কটন বিশ্ববিদ্যালয়ৰ আৰু অন্য মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে হুংকাৰ দিয়ে যে বিধেয়কৰ প্ৰতিবাদত প্ৰয়োজন হলে পুনৰবাৰ অসমত অসম আন্দোলনৰ দৰে পৰিস্থিতি হব তথা তেনে আন্দোলন গঢ়ি তোলা হব।