শীৰ্ষ বাতৰি

জাপানৰ নতুন প্ৰধানমন্ত্ৰী য়'শ্বিশিদে ছুগা

Sentinel Digital Desk

জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বিঞ্জ' এবেৰ অনুগামী য়'শ্বিশিদে ছুগা। উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণত যোৱা মাহত প্ৰধানমন্ত্ৰী এবেই পদত্যাগ কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ প্ৰয়োজন হয় ৷ সেই অনুসৰি দেশখনৰ শাসনাধিষ্ঠিত দলে ছুগাক পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত কৰে।

আজি ভোটগ্ৰহণৰ জৰিয়তে ছুগাৰ প্ৰধানমন্ত্ৰিত্ব নিশ্চিত কৰা হয় ৷ জাপান সংসদ ডায়েটৰ নিম্ন সদনত অনুষ্ঠিত ভোটগ্ৰহণত ছুগাই মুঠ ৪৬২টা ভোটৰ ৩১৪টা লাভ কৰে ৷ তেওঁ কেবিনেট সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। ছুগাই তেওঁৰ পূৰ্বসুৰী এবেৰ থাকি যোৱা কাম সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে ৷ কাৰণ তেওঁ এবেৰ ঘনিষ্ঠ। আজি বুধবাৰে এবেই তেওঁৰ অন্তিমখন কেবিনেট বৈঠকৰ আয়োজন কৰে।