শীৰ্ষ বাতৰি

ৰাজ্যৰ সংহাৰী বানৰ বাবে সোণোৱাল চৰকাৰক দোষাৰোপ গগৈৰ

Sentinel Digital Desk

ৰাজ্যৰ সাম্প্ৰতিক জটিল বানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক জগৰীয়া কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। একেৰাহে তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা গগৈয়ে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজ্যৰ সাম্প্ৰতিক বান আৰু খহনীয়াই লাখ লাখ লোকক নিৰাশ্ৰয় কৰিলে।ইয়ে এই লোকসকলক সীমাহীন দুখ-যন্ত্ৰণাৰ মাজলৈ ঠেলি দিছে বুলি ক্ষোভ প্ৰকাশ কৰি গগৈয়ে সোণোৱাল চৰকাৰৰ ভুল নীতিৰ বাবে এনে হোৱা বুলি অভিযোগ কৰে। তেওঁ কয় যে সোণোৱাল চৰকাৰে বান সমস্যা সমাধানৰ বাবে নাবাৰ্ডৰ পৰা লোৱা ঋণেৰে আঁচনি ৰূপায়ন কৰিব নোৱাৰিলে।

সময় মতে মথাউৰি নিৰ্মাণ নকৰাৰ পৰিণাম ৰাজ্যবাসীয়ে ভোগ কৰিছে বুলিও গগৈয়ে অভিযোগ কৰি লগতে কয়, " মথাউৰি নিৰ্মাণৰ নামত কেইজনমান ঠিকদাৰহে উপকৃত হল। জলসম্পদ বিভাগ তথা ৰাজ্য চৰকাৰে সময়মতে মথাউৰি নিৰ্মাণ নকৰিলে"।ইয়াৰ পৰিণতিত লাখ লাক লোকে ভাগ্যক ধিয়াই থাকিবলগীয়া হৈছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে ৰাজ্যৰ অধিকাংশ তথা ২৭ খন জিলা সাম্প্ৰতিক বানৰ কবলত পৰিছে।