শীৰ্ষ বাতৰি

২০২১ত বিজেপিয়ে এশ আসন পালে ৰাজনীতি এৰিব গগৈয়ে !

Sentinel Digital Desk

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলে কঁকালত টঙালি বন্ধাৰ সময়তে এক প্ৰতিজ্ঞা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি গগৈয়ে সাংবাদিকৰ আগত এই প্ৰতিজ্ঞাৰ কথা উল্লেখ কৰি কয় যে যদি বিজেপিয়ে ২০২১ৰ নিৰ্বাচনত এশ আসন লাভ কৰে, তেন্তে তেওঁ ৰাজনীতিয়েই ত্যাগ কৰিব। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হব বুলি দাবী কৰি গগৈয়ে স্বভাৱ সুলভ ভংগীমাৰে কয়, " বিজেপিয়ে যদি এশ আসন লাভ কৰে তেন্তে মই ৰাজনীতিয়েই ত্যাগ কৰিম। মোৰ বিশ্বাস আমি অহাবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হম"। উল্লেখ্য যে এইবাৰ কংগ্ৰেছে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিবলৈ অগ্ৰসৰ হৈছে।

এই ক্ষেত্ৰত গগৈৰ পূৰ্বৰ স্থিতিও সলনি হৈছে। পূৰ্বে বদৰুদ্দিন আজমলক কটু সমালোচনা কৰা গগৈৰ কণ্ঠৰ সুৰ সম্প্ৰতি সলনি হৈছে। অৱশ্যে কেৱল এ আই ইউ ডি এফেই নহয়, বিজেপিবিৰোধী সকলো দলৰ সৈতে কংগ্ৰেছৰ প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ পোষকতা কৰিছে গগৈয়ে।