শীৰ্ষ বাতৰি

জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান : ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাৰত চাহ নিগমৰ প্রজেক্ট

Sentinel Digital Desk

জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান : ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাৰত চাহ নিগমৰ প্রজেক্ট।গোলকীয় উষ্ণতাৰ প্ৰভাৱ যি দৰে ৰাজ্যৰ চাহ উদ্যোগৰ ওপৰত পৰিছে তাক প্ৰতিৰোধ কৰাৰ বাবে ভাৰত চাহ নিগমে " ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহৰ মূল্য অক্ষুন্ন ৰাখিব পৰাকৈ জলবায়ু স্থিতিস্থপকতা নিৰ্মাণ" শীর্ষক এক প্ৰজেক্ট আগবঢ়াইছে।

এই প্ৰজেক্টৰ কাম কাৰ্যকৰী হব কেন্দ্ৰীয় চৰকাৰৰ নেচনেল এদপচন ফ।ণ্ড ফৰ ক্লাইমেট ছেনজৰ অধীনত। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকই আচনীখন কাৰ্যকৰী কৰিব । আচনীখনৰ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ইতিমধ্যে কৰাৰ পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰিবেশ,বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰা চূড়ান্ত অনুমতি লোৱা হব।

বৃহস্পতি বাৰে চাহ নিগমৰ উদ্যোগত সদস্য সকলৰ এক আলোচনা হয় আচনীখন আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত।বৃহস্পতি বাৰে ভাৰত চাহ নিগমে এক প্ৰেছ ৰিলিজৰ দ্বাৰা জনাই যে জলবায়ু পৰিৱৰ্তন বৰ্তমান সময়ৰ এক বৃহৎ প্ৰত্যহ্বান । সেয়ে এনে সময়ত প্ৰত্যহ্বান প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে আৰু এই উদ্দেশ্যৰে ভাৰত চাহ নিগমে এই প্ৰজেক্ট হাতত লৈছে বুলি জনায়।

জলবায়ুৰ পৰিৱৰ্তন আৰু ইয়াৰ প্ৰতিক্ৰিয়া যেনে ধাৰাবাহিক উষ্ণতা বৃদ্ধি,কম বৃষ্টি,শুকান বতৰ আদি দেখা গৈছে যি পূৰ্বতে কেতিয়াও দেখা পোৱা যোৱা নাছিল। এনে জলবায়ুৰ ফলত চাহ উদ্যোগৰ ভবিষ্যতৰ প্ৰতিও সংকট নামি আহিছে যাৰ প্ৰভাৱ পৰিব ইয়াৰ সৈতে জড়িত ১.১৬ নিযুত কৰ্মীৰ ওপৰত।প্ৰায় ৩.৫ নিযুত লোক চাহ উদ্যোগৰ ওপৰত নিৰ্ভৰ হৈ জীয়াই আছে।

চাহ নিগমে লগতে জনায় যে জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ অসমৰ ওপৰতো পৰিছে আৰু যাৰ প্রভাৱ অসমৰ চাহ উদ্যোগৰ ওপৰতো পৰা দেখা গৈছে।

অসমৰ যি সকল ক্ষুদ্ৰ খেতিয়ক আছে তেওঁলোকে এই প্ৰত্যহ্বান গ্ৰহণ কৰিব পৰাকৈ আমি এই প্ৰজেক্ট হাতত লোৱা হৈছে কিয়নো জলবায়ু পৰিবিৰ্তনৰ এনে প্ৰত্যহ্বান গ্ৰহণ কৰিব পৰাকৈ অসমৰ চাহ খেতিয়কৰ কোনো বৈজ্ঞানিক জ্ঞান নাই।তেওঁলোকৰ এনে আৰ্থিক সক্ষমতাও নাই যে কোনো ব্যয় পূৰ্ণ কৃষি পদ্ধতি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে।