শীৰ্ষ বাতৰি

এজন ভাগ্যৱান খেতিয়ক : পথাৰত উদ্ধাৰ ৬০ লাখ টকীয়া হীৰা

Sentinel Digital Desk

ভাগ্য কেতিয়া কাৰ উদয় হয় কোনেও নাজানে । অন্ধ্ৰ প্ৰদেশত এজন খেতিয়ক ভাগ্য উদয় হোৱা ঘটনায়ে সমগ্ৰ দেশবাসীকে আচম্বিত কৰি তুলিছে । কুৰনোল জিলাৰ গোল্লাবানেপাল্লীত নিজৰ খেতি পথাৰত এজন কৃষকে মূল্যবান হীৰা উদ্ধাৰ কৰিছে ।

এই হীৰা টুকুৰাৰ মূল্য হব প্ৰায় ৬০ লাখ টকা । খেতিয়ক জনে এই মূল্যবান হীৰা টুকুৰা স্থানীয় এজন ব্যবসায়িক বিক্ৰী কৰি দিয়ে। আল্লাহ বাক্স নামৰ স্থানীয় ব্যৱসায়ী জনে ১৩.৫ লাখ আৰু ৫ তোলা সোনৰ বিনিময়ত কিনি লয়। এই ঘটনাই সমগ্ৰ জিলা খনত বনজুইৰ দৰে বিয়পি পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ইয়াৰ সম্বন্ধে তেওঁলোক জ্ঞাত নাছিল । এই হীৰা টুকুৰাৰ আকৃতি, ৰঙ আৰু ওজনৰ সন্দৰ্ভত বৰ্তমানলৈকে জ্ঞাত নহয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে গোচৰটো অনুসন্ধান কৰি আছে।

এইবাৰ বাৰিষাত কুৰনোল জিলাত হীৰা উদ্ধাৰ হোৱা দ্বিতীয়টো ঘটনা । ১২ জুনত জন্নাগিৰি গাঁওত ৮ কেৰেটৰ হীৰা এক টুকুৰা উদ্ধাৰ কৰিছিল। এই হীৰা টুকুৰাৰ ২০ লাখ টকাত বিক্ৰী কৰি দিয়ে , ইয়াৰ বজাৰৰ মূল্য ৫০ লাখ টকা । খেতিয়ক আৰু শ্ৰমিক জনে প্ৰকাশ কৰে যে, কৃষ্ণা নদীৰ উপনদী টুংগাভদ্ৰ আৰু হুন্দ্ৰি । য'ৰ পৰা এই হীৰা কেইটুকুৰা উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে, বাৰিষা আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে কুৰনোল জিলাৰ বিভিন্ন গাওঁ যেনে জনাগিৰি, তুগালি, মেডিকেৰা, পাগিদিৰাই, পেৰাভেলি , মহানন্দি আৰু মহাদেৱাপুৰমৰ গাঁওবাসীয়ে পথাৰত হীৰা বিচাৰে। বাৰিষাৰ সময়ত পৃথিবীৰ বিভিন্ন স্তৰৰ পলসে হীৰা কঢ়িয়াই আনে ।

কেৱল কুৰনোল জিলাৰ লোকসকলেই হীৰা নিবিচাৰে সমান্তৰালকৈ তামিল নাডু, কৰ্নাটক, তেলেংগনা আৰু মহাৰাষ্ট্ৰ লোকেও হীৰা বিচাৰিবলৈ আহে । যি স্থানৰ পৰা হীৰা উদ্ধাৰ কৰা হৈছে সেই স্থান শিৰিবেলা মণ্ডলৰ সৰ্বানাৰচিমহা স্বামী মন্দিৰৰ ওচৰত । সেয়েহে জন বিস্বাস আছে যে , শ্ৰী কৃষ্ণদেভাৰায় বিজয় নগৰ সাম্ৰাজ্য আৰু তেওঁৰ মন্ত্ৰী তিমমাৰাসু ভূ-ৰ্গভত আছে ।

কুৰনোল জিলাত হীৰা উদ্ধাৰ হোৱা দ্বিতীয়টো ঘটনা । এই ঘটনায়ে সম্প্ৰতি চাঞ্চ্যলৰ সৃষ্টি কৰিছে । প্ৰথম টুকুৰা হীৰা উদ্ধাৰ হৈছিল ১২ জুনত । এই হীৰা টুকুৰাৰ বজাৰৰ মুল্য প্ৰায় ৫০ লাখ টকা কিন্তু শ্ৰমিকে ২০ লাখ টকাত বিক্ৰী কৰি দিয়ে । পুনৰ খেতিয়কে হীৰা উদ্ধাৰ কৰে । ইয়াৰ বজাৰৰ মুল্য ৬০ লাখ টকা। কিন্তু খেতিয়ক জনে ১৩.৫ লাখত বিক্ৰী কৰি দিয়ে । বাৰিষা আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈকে হীৰা বিচৰাৰ পৰম্পৰা অব্যাহত থাকিব ।