শীৰ্ষ বাতৰি

ৰাজ্যত তৃতীয়টো বানৰ সংহাৰঃ ২.২৫লাখ লোক ক্ষতিগ্ৰস্ত

Sentinel Digital Desk

আহিন মহীয়া হোৱা চলিত বৰ্ষৰ তৃতীয়টো বানে ৰাজ্যৰ বহু অঞ্চলত হাহাকাৰৰ ধ্বনি তুলিছে ৷ চলিত বৰ্ষৰ প্ৰথমটো দুটা বানক লৈ দেশে-বিদেশে ব্যাপক চৰ্চা হয় যদিও শেহতীয়া বানক লৈ বিশেষ চৰ্চা হোৱা নাই ৷ প্ৰাপ্ত তথ্য অনুসৰি বছৰটোৰ এই তৃতীয়টো বানত ২.২৫লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সাম্প্ৰতিক বানত ৯খন জিলাৰ ১৩টা ৰাজহচক্ৰৰ ২১৯খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। এই তথ্য ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ। এই বানত ১০হেজাৰ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে ৷

বানত ৪০হেজাৰ পশুধনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ বিভিন্ন স্থানত প্ৰশাসনে বানাক্ৰান্তৰ বাবে কমেও ৪০টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷ বানত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে ৷ কাৰণ মহাবাহু ব্ৰহ্মপুত্ৰ যোৰহাটৰ নিমাতীঘাট আৰু শোণিতপুৰ জিলাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

একেদৰে জীয়াভৰলীয়ে শোণিতপুৰত আৰু কপিলীয়ে নগাঁৱত বিপদসীমা অতিক্ৰম কৰিছে ৷ চলিত বৰ্ষৰ প্ৰথম দুটা বানত ব্ৰহ্মপুত্ৰয়ো বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে ৷