শীৰ্ষ বাতৰি

কাশ্মীৰৰ অৱন্তিপ'ৰাত তুমুল সংঘৰ্ষঃ ফান্দত দুৰ্দষ সন্ত্ৰাসবাদী নেতা

Sentinel Digital Desk

অশান্ত কাশ্মীৰত এজন দুৰ্দষ সন্ত্ৰাসবাদী নেতাক ফান্দত পেলাবলৈ সক্ষম হৈছে সেনাবাহিনী। সেনা সূত্ৰই বুধবাৰে প্ৰকাশ কৰা অনুসৰি দক্ষিণ কাশ্মীৰৰ অৱন্তিপৰাত সন্ত্ৰাসবাদীৰ এটা বৃহত দলৰ সৈতে সেনাৰ তয়াময়া সংঘৰ্য চলি আছে। এই সংঘৰ্ষস্থলীত এজন দুৰ্দষ সন্ত্ৰাসবাদী নেতাক নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ধৰিবলৈ সক্ষম হৈছে। সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা অৱন্তিপৰাৰ বেইগপৰাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পাই নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আৰক্ষীৰ শীৰ্ষ বিষয়াই পৰিস্থিতিৰ তদাৰক কৰি আছে। উল্লেখ্য যে ক'ৰ'নাৰ বিভীষিকাৰ মাজতে দেশ-মাতৃক ৰক্ষা কৰিবলৈ গৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ প্ৰাণ আহুতি দিলে চাৰি সেনা বিষয়া-জোৱানসহ পাঁচজন নিৰাপত্তা বাহিনীৰ লোকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ হন্দৱাৰাত শনিবাৰে সন্ত্ৰাসবাদীৰ এটা দলৰ সৈতে নিৰাপত্তাবাহিনীৰ এক তয়াময়া সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কেইবাঘণ্টা ধৰি চলা এই সংঘৰ্ষত চাৰিজন সেনা বিষয়া-জোৱান আৰু এজন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়। সংঘৰ্যটোত নিহত সেনা বিষয়া-জোৱানকেইজনৰ মাজত এজন কৰ্ণেল আৰু এজন মেজৰো আছিল। ঘটনাটোৱে দেশজুৰি শোকৰ ছাঁ পেলাইছে।