ফেনি ঘূৰ্ণি বতাহৰ বাবে গুৱাহাটী, কলকাতা আৰু অন্যান্য প্ৰান্তত প্ৰতিকূল বতৰৰ বাবে বহুকেইখন বিমান আৰু ৰেল সেৱা বাতিল কৰিছে ।
ইণ্ডিগ' এয়াৰ লাইঞ্চে গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লগতে কলকাতা আৰু কাষৰীয়া অঞ্চল সমূহৰ বহুকেইখন বিমান সেৱা বাতিল কৰে । প্ৰতিকুল বতৰৰ বাবে ইণ্ডিগ এয়াৰ লাইঞ্চে ভিইচিচি-কলকতা/ ভিইজিটি-গুৱাহাটী বাতিল কৰা বিমান সমূহ হৈছে-
IGO 614 VEIM-VEGT
IGO 202 VEIM-VECC
IGO 6906 VEIM-VEGT
IGO 187 VEIM-VEGT
IGO 358 VEIM-VECC
IGO 875 VEIM-VECC
আনহাতে ডিব্ৰুগড় বিমানবন্দৰৰ পৰাও যাব লগা বহু কেইখন বিমান বাতিল কৰা হৈছে আৰু কলকাতাতো বহু কেইখন বাতিল কৰা হৈছে । ৪ তাৰিখে বাতিল হোৱা বিমান কেইখন হৈছে 6E-455/206CCU/DIB/CCU ।
ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৪ তাৰিখে প্ৰতিকুল বতৰৰ বাবে SEJ 3319/3320CCU/DIB/CCU বাতিল কৰা হৈছে ।
ডিমাপুৰ বিমানবন্দৰতো ফেনি ঘূৰ্ণি বতাহৰ বাবে বিমান বাতিল কৰিব লগা হৈছে । বিমানৰ নম্বৰ হৈছে AIC 710 । ডিমাপুৰৰ পৰা কলকাতা অভিমুখী আছিল বিমান খন। ডিমাপুৰৰ পৰা কলকাতা যাব লগা আন এখন বিমান বাতিল কৰা হৈছে । বিমান খনৰ নম্বৰ হৈছে IGO417 । প্ৰতিকুলে বতৰৰ বাবে বাতিল কৰা হৈছে বিমান সমূহ।
আগৰতলাৰ বিমান বন্দৰৰ পৰাও বিমান বাতিল কৰা হৈছে ।
আনহাতে উত্তৰ পূৰ্বাঞ্চল ৰেলীৱে যাত্ৰীৰ নিৰাপত্তাৰ বাবে ৰেল সেৱা বাতিল কৰিছে।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি