শীৰ্ষ বাতৰি

গহপুৰ-নুমলীগড়ক সংযোগ কৰি নিৰ্মাণ হ'ব সুৰংগ পথ

Sentinel Digital Desk

গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰি ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'ব এক চাৰিশাৰীযুক্ত সুৰংগ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ(এন এইচ এ আই) আৰু ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম এই সুৰংগ নিৰ্মাণৰ দায়িত্বত থাকিব। ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰস্তাৱিত সুৰংগ চীনৰ জিয়াংছু প্ৰদেশৰ টাইহু হ্ৰদত নিৰ্মিত সুৰংগতকৈ দীঘল হ'ব। এই প্ৰস্তাৱিত সুৰংগই ৰণনীতিগত দিশৰ পৰাও তাতপৰ্য বহন কৰিছে। কাৰণ শেহতীয়াভাবে ভাৰতৰ সৈতে চীনৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে। গতিকে এই সুৰংগ পথ নিৰ্মাণে ভাৰতক ৰণনীতিগত দিশৰ পৰাও অধিক শক্তিশালী কৰিব বুলি ধাৰণা কৰা হৈছে। এই সুৰংগ প্ৰকল্প নিৰ্মাণৰ বাবে এন এইচ এ আই আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে আমেৰিকাৰ লুই বাৰ্জাৰৰ সহায় লৈছে। যোৱা মাৰ্চত ইয়াৰ বাবে ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰে। এই সুৰংগই সামৰিক বাহিনীৰ যাতায়ততো সহায় কৰিব। সেনা বাহিনীৰ যান-বাহনে সুৰংগ পথেৰে ঘণ্টাত ৮০ কিলোমিটাৰ বেগেৰে চলাচল কৰিব পাৰিব।