শীৰ্ষ বাতৰি

ক'ৱিড-১৯ত আক্ৰান্ত হ'ল ওদালগুৰিৰ উপায়ুক্ত ঘৰফলীয়া

উপায়ুক্ত ঘৰফলীয়াই অলপতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(এন এইচ এম)ৰ কেইগৰাকীমান কৰ্মীৰ সৈতে অলপতে কোনো বিষয়ক লৈ আলোচনাত বহে।

Sentinel Digital Desk

ক'ৱিড-১৯ পজিটিভ হ'ল ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া। প্ৰাপ্ত তথ্য অনুসৰি উপায়ুক্ত ঘৰফলীয়াই অলপতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(এন এইচ এম)ৰ কেইগৰাকীমান কৰ্মীৰ সৈতে অলপতে কোনো বিষয়ক লৈ আলোচনাত বহে। পাছত এই এন এইচ এম কৰ্মীকেইগৰাকী ক'ৱিড-১৯ পজিটিভ হয়। সেয়েহে উপায়ুক্তয়ো নমুনা পৰীক্ষা কৰোৱায়। এই পৰীক্ষাত তেওঁ ক'ৱিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে।

উল্লেখ্য যে ঘৰফলীয়া হৈছে এই মহামাৰীত আক্ৰান্ত ৰাজ্যৰ প্ৰথমজন প্ৰশাসনিক বিষয়া।