শত্ৰু ৰাষ্ট্ৰ চীনৰ সমৰ্থনত ভিডিঅ' মুকলি কৰিলে আলফা(স্বাধীন)-এ। লাডাখৰ গলৱান কাণ্ডৰ পাছতে পৰেশ বৰুৱাপন্থী আলফাই চীনৰ সমৰ্থনত দুটা ভিডিঅ' মুকলি কৰিছে। সংগঠনটোৱে ভিডিঅ' দুটা মুকলি কৰিছে নিজৰ ইউটিউব চেনেলত। ভিডিঅ' দুটা ইংৰাজী আৰু অসমীয়া ভাষাত মুকলি কৰিছে সংগঠনটোৱে।ইয়াৰ জৰিয়তে সংগঠনটোৱে উত্তৰ-পূবত এখন ছাঁয়াযুদ্ধৰ সূচনা হোৱাৰ ইংগিত দিয়া বুলি চৰ্চা হৈছে। অৱশ্যে চোৰাংচোৱা সংস্থাৰ মতে, আলফা (স্বাধীন)-ৰ একাংশ সদস্যই সম্প্ৰতি চীন-ম্যানমাৰ সীমান্তৰ ৱাত আশ্ৰয় লৈ থকাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে শত্ৰু ৰাষ্ট্ৰখনৰ সমৰ্থনত এনেদৰে ভিডিঅ' মুকলি কৰিছে।