শীৰ্ষ বাতৰি

গুৱাহাটীত পুনৰ এক চাঞ্চ্যলকৰ ঘটনা : অচিনাক্ত মৃতদেহ উদ্ধাৰ নুনমাটিত

Sentinel Digital Desk

সোমবাৰ, ১ নৱেম্বৰত গুৱাহাটীৰ নুনমাটি অঞ্চলত উদ্ধাৰ হয় এটা অচিনাকি মৃতদেহ। স্থানীয় লোকে উদ্ধাৰ কৰে এই মৃতদেহ। মৃতদেহটো পুৰুষৰ । অৱশ্যে বৰ্তমানলৈকে আন কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

নুনমাটিৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ পৰা অৰ্ধ-গলিত অৱস্থাত এই মৃতদেহ উদ্ধাৰ কৰে স্থানীয় কৃষকসকলে। উদ্ধাৰৰ পাছতেই কৃষক সকলে ততাতয়াকৈ খবৰ দিয়ে স্থানীয় আৰক্ষীক।

 এই মৃতদেহৰ বিষয়ে অনুসন্ধানত নামি পৰিছে আৰক্ষীৰ দল। মৃতদেহটোৰ পৰ্যবেক্ষণৰ পাছত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে মৃতদেহটো বহু দিন আগেয়ে জঙ্ঘলৰ মাজত পেলাই থৈ যোৱা গৈছিল।

উল্লেখ্য যে এনে ধৰণৰ বিভিন্ন অপৰাধ মহানগৰত দিনকদিনে বাঢ়ি আহিছে।

কিছু দিন পূৰ্বে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে গুৱাহটিৰ খানাপাৰা অঞ্চলৰ পৰা। ক্ষত - বিক্ষত অৱস্থাত এই যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল নলাত পেলাই দিয়া এটা পলিথিন বেগৰ পৰা।

গুৱাহাটীৰ বেলতলাটো কিছু দিন পূৰ্বে সংঘটিত হয় এনে এক জঘন্য কাণ্ড। ঘৰুৱা কাম কৰা মানুহৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হয় এক বৃদ্ধ দম্পতিয়ে। মৃতকৰ নাম ননী গোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱা।