শীৰ্ষ বাতৰি

বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ নিৰ্দেশ পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানৰ

Sentinel Digital Desk

বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ নিৰ্দেশ পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানৰ

তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীসকলক সহায়-সাহায্য আগবঢ়াবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষক নিৰ্দেশ দিছে পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ এই অগ্নিকাণ্ডক লৈ বুধবাৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে পুনৰ এক জৰুৰী ভিডিঅ' কনফাৰেন্সত মিলিত হয় পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধান ৷ এই আলোচনাৰ সময়ত অইলৰ শীৰ্ষ বিষয়াবৰ্গৰ পৰা তেওঁ ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ তন্ন-তন্নকৈ বুজ লয় ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষই এক বিবৃতিযোগে এই তথ্য সদৰী কৰে ৷ আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে অগ্নিনিৰ্বাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷ আনহাতে, এই আলোচনাৰ পাছতে তাৎক্ষণিক পদক্ষেপৰূপে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালকে চাৰিটা গোট গঠন কৰে ৷ এই গোট চাৰিটা হ'লঃ কাৰিকৰী, সাহায্য আৰু পুনৰ সংস্থাপন, সা-সঁজুলিৰ যা-যোগাৰ আৰু অন্যান্য বিষয় চোৱাচিতাকাৰী ৷

ইপিনে, ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দলো উপস্থিত হৈছে ৷ এই বিশেষজ্ঞসকল হৈছে ছিংগাপুৰস্থিত মেছাৰ্ছ ডিজেষ্টাৰ কণ্ট্ৰ'লৰ ৷ অইল ইণ্ডিয়াৰ অনুৰোধ মৰ্মে প্ৰতিষ্ঠানখনে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটোত আছে মাইকেল আৰ্ণেষ্ট (জ্যেষ্ঠ খাদ বিশেষজ্ঞ), ক্ৰেইগ নেল ডানকান(খাদ নিয়ন্ত্ৰণ অভিযন্তা) আৰু এডৱাৰ্ড হেৰিছ মেকল'ড ( জ্যেষ্ঠ খাদ নিয়ন্ত্ৰণ বিশেষজ্ঞ) ৷ ইতিমধ্যে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াবৰ্গ বিশেষজ্ঞ দলটোৱে পৰিস্থিতি বুজ লৈ আছে।

আনহাতে, আনহাতে, অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যৰ সৰ্বত্ৰে আলোড়ন সৃষ্টি কৰা এই অগ্নিকাণ্ডৰ বিষয়টোক লৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ দুয়োৰে আলোচনাৰ সময়ত মোদীয়ে এই অগ্নিকাণ্ডৰ ভুক্তভোগী সকলোকে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সোণোৱালে বিষয়টো প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷