শীৰ্ষ বাতৰি

ফেন আৰু লাইট জ্বলোৱাৰ বাবে উত্তৰ প্ৰদেশৰ ব্যক্তিলৈ ১২৮ কোটি বিদুৎৰ বিল

Sentinel Digital Desk

আপোনাৰ ধাৰনাত এটা মাহত বিদুৎৰ বিল কিমান হব পাৰে ? এখন সাধাৰণ ঘৰত বিদু বিল সৰ্বাধিক ১ হাজাৰ অথবা ২ হাজাৰ । কিন্তু ১২৮ কোটি বিদুৎৰ বিল সম্ভৱ জানো ?

এনে এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । উত্তৰ প্ৰদেশৰ এটি সাধাৰণ পৰিয়াললৈ বিদুৎ বিল আহিল ১২৮,৪৫,৪৪৪ টকা ।

চামিম আৰু তেওঁৰ পত্নী খাইৰো নিচাৰ ঘৰত বিদুৎ বিভাগে বিল নিদিয়াৰ বাবে বিদুৎ কৰ্তন কৰিছে । " চামিমে প্ৰকাশ কৰিছে যে, " আমাৰ আবেদন কোনেও নুশুনে , কিন্তু কেনেকৈ আমি এই বিল পৰিশোধ কৰো? যেতিয়া আমি এই সম্পৰ্কত অভিযোগ কৰিছিলো , তেতিয়া তেওঁলোকে কৈছিল যে , বিল পৰিশোধ নকৰালৈকে তেঁওলোকে বিদুৎ সংযোগ নকৰে।

লগতে তেওঁ প্ৰকাশ কৰে যে, মই পিলাৰৰ পৰা আবেদন কৰিবলৈ গৈছিলো কিন্তু কোনোৱে এই মোৰ কথা গুৰুত্ব নিদিলে । চামিমৰ পত্নী নিশায়ে প্ৰকাশ কৰে যে, তেওঁলোকে কেৱল ঘৰত ফেন আৰু লাইট জ্বলাই । তেনে স্থলত ১২৮ কোটি টকা বিল কেনেকৈ হব পাৰে? আমি দৰিদ্ৰ শ্ৰেণীৰ লোক । ইমান ডাঙৰ এটা পৰিমাণ আমি কেনেকৈ পৰিশোধ কৰিব পাৰোঁ?"এই ক্ষেত্ৰত বিভাগৰ কতৃপক্ষয়ে কয় যে, এইটো কোনো ডাঙৰ কথা নহয় ।

সহকাৰী ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ ৰাম চৰনে প্ৰকাশ কৰে যে, বিল খনত কাৰিকৰী বিজুতি থাকিব । তেওঁলোকে যদি আমাক বিল খন দিয়ে আমি পৰীক্ষা কৰি চাম । এইটো কোনো ডাঙৰ কথা নহয় । কাৰিকৰী বিজুতি ঠিক কৰিব পৰা যায়। "

১২৮ কোটি টকাৰ বিদুৎ বিল খনে দেশৰ সৰ্বতে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে ।কিন্তু এই বিল খনে গভীৰ সমস্যাত পেলাইছে এতিয়া ভূক্তভুগিক । ইতিমধ্যে বিল পৰিশোধ নকৰাৰ বাবে বিদুৎ কৰ্তন কৰা হৈছে । তেওঁলোকে আবেদন কৰিছে যদিও কোনো সুফল লাভ কৰা নাই।

১২৮,৪৫,৪৪৪ টকাৰ বিল খনক লৈ বিপাঙত পৰিছে উত্তৰ প্ৰদেশৰ এই পৰিয়ালটো ।চামিমে প্ৰকাশ কৰিছে যে, "যেতিয়া আমি এই সম্পৰ্কত অভিযোগ কৰিছিলো , তেতিয়া তেওঁলোকে কৈছিল যে , বিল পৰিশোধ নকৰালৈকে তেঁওলোকে বিদুৎ সংযোগ নকৰে।কিন্তু এই বিল খনে গভীৰ সমস্যাত পেলাইছে এতিয়া ভূক্তভুগিক । তেওঁলোকে আবেদন কৰিছে যদিও কোনো সুফল লাভ কৰা নাই।