চতুৰ্থ পৰ্যায়ৰ লকডাউনঃ কি কি হ'ব নতুন নিয়ম
দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেল সম্বোধন কৰে। আজিৰ পৰা আৰম্ভ হোৱা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মানিব লগীয়া নীতি-নিয়ম সন্দৰ্ভত ডি জি পিৰে উমৈহতীয়াভাৱে সংবাদমেল সন্মোধন কৰে।
কি কি থাকিব চতুৰ্থ পৰ্যায়ৰ লকডাউনত-
• পূৰ্বৰ ধৰণে বন্ধ থকা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব।
• ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈ সকলে খেলিব পাৰিব
অৱশ্যে কোনো লোক সমাগম হব নোৱাৰিব।
• সমগ্ৰ দেশৰ সমানে এইবাৰ নিশা ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ বন্ধ থাকিব।
• কনটেইনমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব।
• আৰক্ষীক কেতিযাও বাধা নিদিব
জনতাই সহযোগ কৰক প্ৰশাসনৰ সকলো কাৰ্য্যত
মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ।
• কনটেইমেন জন সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা কৰিব ।
• চৰকাৰী কাৰ্য্যলয়ত সমূহ ১০০% উপস্হিতি কৰা হব অচিৰেই। অৱশ্যে এতিয়ালৈ জাননী প্ৰকাশ হোৱা নাই।
একে নিয়ম অনুসৰণ হব ব্যক্তিগত খণ্ডত।
• ২০০ অধিক ৰোগী আক্ৰান্ত হলে ৰেড জ'ন ঘোষনা হব
যানবাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশ থাকিব।
• সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব।
এই ক্ষেত্ৰত নিৰ্দেশ নামানিলে অধিক কঠোৰ চৰকাৰ।
পদপথৰ বাহিৰে সকলোধৰণৰ ব্যৱসায়ী প্ৰতিস্ঠান খুলিব পাৰিব। কিন্তু শাক- পাচলি, মাছ মাংসৰ বজাৰ বন্ধ থাকিব আগতে যি ধৰণে শাক- পাচলি, মাছ মাংস যোগান চলি আছিল তেনেকৈ চলি থাকিব। ইয়াৰ ওপৰি শ্বপি মল অথবা বজাৰ খুলিব নোৱাৰিব।