শীৰ্ষ বাতৰি

ৱাটছএপ গ্ৰুপৰ আলোচনাই অধিক শ'লঠেকলৈ ঠেলিলে দীপিকাক

Sentinel Digital Desk

তিনি বছৰ পূৰ্বে এটা ৱাটছএপ গ্ৰুপত কৰা নিষিদ্ধ ড্ৰাগছ সম্বন্ধীয় আলোচনাই অধিক শ'লঠেকলৈ ঠেলিলে বলিউডৰ তাৰকা অভিনেত্ৰী দীপিকা পাড়ুকনক ৷ আজি শনিবাৰে পুৱা ১০বজাৰ পৰা নাৰ্ক'টিকছ কন্ট্ৰ'ল ব্যুৰ(এন চি বি)-এ অভিনেত্ৰীগৰাকীক বহুসময় ধৰি জেৰা কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি KWANৰ কৰ্মচাৰীসকলৰ সৈতে দীপিকাই ৱাটছএপ গ্ৰুপত কৰা ড্ৰাগছ সম্পৰ্কীয় আলোচনা এন চি বিৰ জেৰাৰ মূল বিষয়বস্তু হৈ পৰে ৷ KWAN-এ অভিনেত্ৰী দীপিকাৰ কাম-কাজ চোৱাচিতা কৰে ৷ এই কৰ্মচাৰীসকলক লৈ তেওঁ এটা ৱাটছএপ গ্ৰুপ খোলে ৷ এই গ্ৰুপতে তেওঁ মেনেজাৰ কৰিশ্মা প্ৰকাশক ড্ৰাগছ যোগান ধৰিবলৈ নিৰ্দেশ দিছিল ৷ ২০১৭অক্টোবৰত কৰিশ্মাক দীপিকাই সাংকেতিক শব্দ "মাল" আৰু "হাশ্ব" ব্যৱহাৰ কৰি ড্ৰাগছ যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ 

দীপিকাই ৱাটছএপ গ্ৰুপত এনে আলোচনা কৰাৰ তথ্য পোহৰলৈ আহে তেওঁৰ কৰ্মচাৰী জয়া শ্বাহক এন চি বিয়ে এন চি বিয়ে জেৰা কৰাত ৷ এন চি বিয়ে লগতে KWANৰ প্ৰতিষ্ঠাপক অংশীদাৰ ধ্ৰুৱ চিটগ'পাৰকাৰকো জেৰা কৰে ৷ আজি দ্বিতীয় দিনৰ বাবে এন চি বিয়ে দীপিকাৰ মেনেজাৰ কৰিশ্মাক জেৰা কৰে ৷ KWAN-ৰ কৰ্মচাৰীসকলক লৈ দীপিকাই খোলা ৱাটছএপ গ্ৰুপটোৰ প্ৰশাসক হৈছে দীপিকা আৰু তেওঁৰ মেনেজাৰ কৰিশ্মা ৷ এই গ্ৰুপৰ অন্যান্য সদস্যসকলৰ অন্যতম হৈছে বিজয় সুব্ৰমণিয়ম, অনিৰ্বান দাস, প্ৰযোজক মধু মাণ্টেনা আৰু KWANৰ মুখ্য কাৰ্যবাহী বিষয়া ধ্ৰুৱ চিটগ'পাৰ।