শীৰ্ষ বাতৰি

আমি আপোনালোকৰ সৈতে আছোঃ দুৰ্যোগ আক্ৰান্ত উত্তৰ-পূববাসীক আশ্বাস মোদীৰ

Sentinel Digital Desk

"আমি আপোনালোকৰ সৈতে আছো," ক'ৰ'না আৰু বান দুৰ্যোগৰ সৈতে যুঁজি থকা অসম তথা উত্তৰ-পূববাসীক এইদৰে আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে মণিপুৰৰ এক অভিলাসী জলসিঞ্চন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন কৰি আগবঢ়োৱা বক্তব্যত মোদীয়ে বানত বহুসংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি কয় যে সম্প্ৰতি দুটা প্ৰত্যাহ্বান ক্ৰমে ক'ৰ'না আৰু বানৰ সৈতে যুঁজ দি আছে।এই দুৰ্যোগৰ সময়ত উত্তৰবাসীৰ সৈতে থকা বুলি মোদীয়ে মন্তব্য কৰে।

তেওঁ আৰু কয় যে আজি মণিপুৰত আধাৰশিলা স্থাপন কৰা পানী যোগান প্ৰকল্পই কেইবা হেজাৰ লোকক কৰ্ম-সংস্থাপন দিব। ক'ৰ'না মহামাৰীৰ বাবে দেশৰ গতি স্তব্ধ নহয় বুলিও তেওঁ মন্তব্য কৰে।