শীৰ্ষ বাতৰি

তেলেংগনাত মহিলা বন কৰ্মীক তেলেংগনা ৰাষ্ট্ৰ কমিটিৰ সদস্যৰ আক্ৰমণ

Sentinel Digital Desk

তেলেংগনাত এক অতি নিন্দনীয় ঘটনা সংঘটিত হৈছে । তেলেংগনা ৰাষ্ট্ৰ কমিটিৰ ক্ষোভৰ বহি প্ৰকাশে ভয়াবহ ৰূপ ধাৰণ কৰে। এই ঘটনা সংঘটিত হৈছে তেলেংগনা জিলাৰ ভীম অচিফাবাদত । মহিলা কৰ্মচাৰী এগৰাকী তেওঁ ষ্টাফৰ লগত গছ ৰোৱা এক অনুষ্ঠানলৈ গৈছিল । কমৰাম ভীম অচিফাবাদ জিলাৰ চাৰচালা গাঁওত অনুষ্ঠিত এক অনুষ্ঠানলৈ গৈছিল বন বিভাগৰ দলটো । দলটোৰ মহিলা কৰ্মীক তেলেংগনা ৰাষ্ট্ৰ কমিটিৰ সদস্যয়ে আক্ৰমণ কৰি মাৰ পিট কৰা পৰিলক্ষিত হয় ।

এই দলটোক স্থানীয় টি আৰ এচৰ বিধায়ক কৰেৰু কনাপ্পাৰ ভাতৃ কৃষ্ণায়ে লাঠি লৈ মাৰ পিট কৰে মহিলা কৰ্মী গৰাকীক । এই ঘটনাৰ ভিডিঅটোত মহিলা বন কৰ্মী অনিতাক লোক কেইজন আৰু বিধায়কৰ ভাতৃয়ে লাঠিৰে মাৰ পিট কৰা স্পষ্টকৈ পৰিলক্ষিত হৈছে । এই ঘটনাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভণি কৰিছে আৰু তৎক্ষনাত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ভিডিঅটো ভাইৰেল হোৱাৰ পাছতে স্থানীয় বিধায়কৰ ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বিধায়কৰ ভাতৃ কৃষ্ণা শেহতীয়াকৈ কমৰাম ভীম অচিফাবাদ জিলা পৰিষদৰ উপ- সভাপতি হিচাপে নিৰ্বাচিত হয় ।

গছ ৰোপণৰ এই অনুষ্ঠানটো দেওবাৰে শ্ৰীপুৰ মণ্ডলৰ চাৰাচালা গাঁওত আছিল আৰু বন বিভাগৰ দলটোয়ে চৰকাৰী ভূমিত গছ ৰোপণ কৰিলৈ গৈছিল। স্থানীয় লোকো এই স্থানত উপস্থিত আছিল । কিন্তু বন বিভাগৰ দলটো সেই স্থানত কিহৰ বাবে উপস্থিত হৈছে সেই সম্পৰ্কে নজনাকৈয়ে আক্ৰমণ কৰে বন বিভাগৰ দলটোক ।

এই ঘটনাৰ ভূক্তভুগি অনিতা, বন বিভাগৰ ৰেঞ্জ অফিচাৰ আৰু বন বিভাগৰ ২০ জন সদস্যৰ সৈতে চৰকাৰী ভূমিত গছ ৰোপণৰ কাৰ্যাসূচী গ্ৰহণৰ অভিযান চলাইছিল । কিন্তু সেই স্থানত স্থানীয় লোক উপস্থিত হোৱাৰ পাছতে কোনো কাৰণ নজনাকৈয়ে আক্ৰমণ কৰে।বন বিষয়া এগৰাকীয়ে প্ৰকাশ কৰে যে, মহিলা বন ৰেঞ্জ অফিচাৰ গৰাকীক লাঠিৰে আক্ৰমণ কৰে আৰু মানুহ বোৰে ঘেৰি ধৰাৰ লগতে মহিলা গৰাকীক আক্ৰমণ কৰে। চৰকাৰী ভূমিত দলটোৱে গছ ৰোপণ কৰিবলৈ গৈছিল আৰু সেই ভূমি খিনি চৰকাৰী ভূমি আছিল । "

গছ ৰোপণৰ এই অনুষ্ঠানটো দেওবাৰে শ্ৰীপুৰ মণ্ডলৰ চাৰাচালা গাঁওত আছিল আৰু বন বিভাগৰ দলটোয়ে চৰকাৰী ভূমিত গছ ৰোপণ কৰিলৈ গৈছিল। স্থানীয় লোকো এই স্থানত উপস্থিত আছিল ।