শীৰ্ষ বাতৰি

বলপূৰ্বকভাৱে যৌন সম্ভোগ কৰিবলৈ চেষ্টা কৰাৰ বাবেই মহিলাই কাটিলে স্বামীৰ যৌনাংগ

Sentinel Digital Desk

মধ্য প্ৰদেশৰ টিকমগড়ত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। বলপূৰ্বকভাৱে যৌন সম্ভোগ কৰিবলৈ চেষ্টা কৰাৰ বাবে এগৰাকী মহিলাই কাটি পেলাইছিল নিজ স্বামীৰ যৌনাংগ। যোৱা সপ্তাহত এই ঘটনা সংঘটিত হৈছিল বুলি জনায় আৰক্ষীয়ে ।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি ৭ ডিচেম্বৰত ৰামনগৰ অঞ্চলত সংঘটিত হৈছিল এই ঘটনা ।

জাটাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিবেন্দ্ৰ ত্ৰিবেদীৰ মতে, দেওবাৰে এজন ব্যক্তিয়ে তেওঁলোকৰ ওচৰলৈ গৈ অভিযোগ কৰিছিল যে তেওঁৰ ২৪ বছৰীয়া পত্নীয়ে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁৰ যৌনাংগ কাটি পেলাইছিল। তেওঁ পত্নীক বলপূৰ্বকভাৱে যৌন সম্ভোগ কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

২০১৯ চনত বিবাহপাশত আৱদ্ধ হোৱা দম্পতীহাল কাজিয়াৰ বাবে পূৰ্বতে পৃথক হৈছিল। অৱশ্যে, তেওঁলোকে সোনকালেই মীমাংসা কৰি লৈছিল বুলি জনায় ত্ৰিবেদীয়ে।

"ব্যক্তিজনে পলমকৈ অভিযোগ দাখিল কৰিছিল কাৰণ তেওঁ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। বিপদজনক অস্ত্ৰৰে আঘাত কৰাৰ বাবে আইপিচি ধাৰা ৩২৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে," ত্ৰিবেদীয়ে লগতে জনায়।