শীৰ্ষ বাতৰি

 অসমৰ ফেৰী সেৱাৰ বাবে বিশ্ব বেংকৰ ৬৩০ কোটি টকাৰ ঋণৰ অনুমোদন

Sentinel Digital Desk

অসমৰ ফেৰী সেৱাৰ বাবে বিশ্ব বেংকৰ ৬৩০ কোটি টকাৰ ঋণৰ অনুমোদন । বিশ্ব বেংকে অসমৰ ব্ৰহ্মপুত্ৰ নদীকে ধৰি আন নদী সমূহৰ জলপৰিবহন আধুনিকীকৰণ আৰু ফেৰী সেৱাৰ যোগাযোগ উন্নয়নৰ বাবে অসম আভ্যন্তৰীণ জল পৰিবহনক ( Assam inland water transport) ৬৩০ কোটি টকাৰ মঞ্জুৰী প্ৰদান কৰে । ব্ৰহ্মপুত্ৰ নদীৰ লগতে ৰাজ্যৰ অন্যান্য নদী সমূহত ফেৰী দুৰ্ঘটনা নিয়মিত ।

অসম আভ্যন্তৰীণ জল পৰিবহন প্ৰকল্পৰ ( Assam inland water transport project ) ৰ অধীনত লক্ষ্য লোৱা হৈছে যাতে যাত্ৰীৰ ফেৰী সেৱা উন্নত কৰা হ'ব আৰু অভ্যন্তৰীণ জল পৰিবহন সংস্থাৰ ক্ষমতা শক্তিশালী কৰিব । উন্নত পদ্ধতিত তৈয়াৰ কৰা টাৰ্মিনেল আৰু শক্তিশালী জাহাজ সমূহে ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাৰ অধিক উন্নত কৰিব । এই প্ৰকল্পটোৰ মুঠ ব্যয়ৰাশি আছিল ৭৭০ কোটি টকা , আৰু এই ক্ষেত্ৰত বিশ্ব বেংকে প্ৰদান কৰিব ৬৩০ কোটি টকা আৰু বাকী ধন ৰাশি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

বৃহস্পতিবাৰে নতুন দিল্লীত ভাৰত চৰকাৰৰ এ আই ডব্লিউ টি পি আৰু ভাৰতৰ সঞ্চালক , বিশ্ববেংকৰ অতিৰিক্ত সচিবৰ মাজত এই চুক্তি স্বাক্ষৰ হয় । ইয়াত উপস্থিত থাকে অৰ্থনৈতিক বিভাগৰ বিষয়া বিত্ত মন্ত্ৰালয় বিষয়া ।

অসমৰ তৰফৰ পৰা এই প্ৰতিনিধি দলক প্ৰতিনিধিত্ব কৰিছে ৰাজ্যৰ প্ৰকল্পৰ সঞ্চালক আদিল খানৰ লগতে আন বহুতো।

এই প্ৰকল্পটোৱে আধুনিক নৌ টাৰ্মিনেলত সহায়ক হব । এই প্ৰকল্পৰ কাম প্ৰথমে আৰম্ভ হব মাজুলী আৰু গুৱাহাটীত ।

এই প্ৰকল্পটোৱে জল পৰিবহন উন্নত কৰাৰ লগতে ফেৰী সেৱাত মহিলা সকলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। এই জাহাজ সমূহত বহুতো সুবিধা প্ৰদান কৰা হব । এই জাহাজ সমূহত পৃথক আসনৰ লগতে বাথৰুমৰ ব্যৱস্থা ও থাকিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA Sit-in Protest observed during Silpi Divas at Nehru Park in Guwahati