শীৰ্ষ বাতৰি

ক’ৱিডৰ বিৰুদ্ধে যুঁজত মানুহৰ জয় কামনাৰে আউনীআটি সত্ৰত দৈনিক প্ৰাৰ্থনা

Sentinel Digital Desk

ক’ৱিডৰ বিৰুদ্ধে যুঁজত মানুহৰ জয় কামনাৰে আউনীআটি সত্ৰত দৈনিক প্ৰাৰ্থনা

ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে প্ৰায় সমগ্ৰ বিশ্বই ঘোষণা কৰা যুদ্ধত মানুহৰ জয় কামনাৰে মাজুলীৰ ৰজাদিনীয়া আউনীআটি সত্ৰত নিতৌ অদৃষ্টৰ কৃপা বিচাৰি প্ৰাৰ্থনা কৰা হৈছে ৷ দুজন বা সৰ্বাধিক তিনিজন ভক্তই এই প্ৰাৰ্থনা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ধৰ্মীয় স্থানসমূহত তিনিজনতকৈ অধিক লোক সমবেত নহ’বলৈ কঠোৰ নিৰ্দেশ জাৰি কৰি থৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আউনীআটি সত্ৰত দুজন বা তিনিজনে ভকতে এই মহামাৰীবিৰোধী যুঁজত মানুহৰ জয়লাভ কামনাৰে ভগৱানৰ আশিস বিচাৰি প্ৰাৰ্থনা অব্যাহত ৰাখিছে ৷ ইয়াক বাদ দি সত্ৰৰ আন সকলো কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে ৷ এই কথা সদৰী কৰি সত্ৰৰ সত্ৰাধিকাৰ ড° পীাতাম্বৰ দেৱগোস্বামীয়ে “দ্যা ছেণ্টিনেল"ক কয়, “ মোৰ স্মৃতিয়ে ঢুকি পোৱালৈকে কওঁ যে এইবাৰৰ দৰে কোনো কালে সত্ৰত ভক্তৰ সমাগমত নিষেধাজ্ঞা আৰোপ হোৱা নাছিল ৷ এইবাৰ পৰিস্থিতি বিষম ৷ আমি ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে বলবত কৰা চৰকাৰী নীতি-নিয়মাৱলী মানি চলিবলগীয়া হৈছে ৷

গতিকে সত্ৰৰ আন সকলো কাম-কাজ বন্ধ ৰখা হৈছে।" তেওঁ লগতে কয় যে এতিয়া প্ৰতিৰোধেই ক’ৰ’না মহামৰীৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়ত পৰিণত হৈছে ৷” উল্লেখ্য যে শেহতীয়াভাবে ভাৰতত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ যোৱা মাথোঁ ২৪ঘণ্টাতে দেশৰ বিভিন্ন স্থানত নতুনকৈ ধৰা পৰিল ১৪৯জন আক্ৰান্ত ৷ ইয়াৰ লগে লগে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা আঠ শতাধিক হৈছে ৷ আনহাতে, মাথোঁ ২৪ঘণ্টাত দেশত ১৪৯জন আক্ৰান্ত ধৰা পৰাটো হৈছে বৰ্তমানলৈকে অধিক সংখ্যক ৰোগী ধৰা পৰাৰ ঘটনা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৮৭৩জন ৷ ইয়াৰে ১৯জনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সম্প্ৰতি এক উদ্বেগজনক বাৰ্তা প্ৰেৰণ কৰিছে ৷ সংস্থাটোৰ মতে, ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক ওলাবলৈ অন্ততঃ আৰু ১২ৰ পৰা ১৮মাহ সময়ৰ প্ৰয়োজন হ’ব ৷ সেয়েহে সংস্থাটোৱে ক’ৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে সন্মিলিতভাবে যুঁজ দিবলৈ বিশ্বৰ সকলো দেশলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে এই মহামাৰীত বৰ্তমানলৈ সমগ্ৰ বিশ্বত লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ উপৰি ১৫হেজাৰৰো অধিক প্ৰাণ হেৰুৱাইছে ৷