শীৰ্ষ বাতৰি

অটলজীৰ মহাপ্ৰস্থানত এটা যুগৰ অৱসান ঘটিল : নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী য়ে কৈছে যে অটলজীৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল আৰু ভাৰত মাতৃয়ে এজন প্ৰকৃত পুত্ৰক হেৰুৱালে।অটলজীৰ আদৰ্শক প্ৰত্যেকজন ভাৰতীয় নাগৰিকে তথা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে অনুকৰন কৰা উচিত।

মোডীয়ে টুইটাৰ যোগে কয় যে অটলজীৰ মৃত্যুত মই শব্দহীন হৈ পৰিছো ,মোৰ মগজুত এটা অবুজ বেদনাই ক্ৰিয়া কৰিছে।অামাৰ সকলোৰে শ্ৰদ্ধাৰ অটলজী আৰু নাই।এইজন মহান আত্মাই ওৰেতো জীৱন দেশৰ জনতাৰ সেৱাতে ব্ৰতি থাকিল।তেওঁৰ মহাপ্ৰস্থানত এটা যুগৰ অৱসান ঘটিল।মোডীয়ে লগতে কয় যে অটলজী আমাৰ লগত নাই যদিও তেওঁৰ আৰ্দশৰ দ্বাৰা সকলো অনুপ্ৰানিত হৈ থাকিব আৰু তেওঁৰ মহান আত্মাই যেন সদগতি লাভ কৰে তাৰেই কামনা কৰা হল।

অটল বিহাৰী বাজপেয়ীৰ ১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ত জন্ম হৈছিল।তেওঁ ৰাজনীতি বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল।বাজপেয়ী চাৰিটা দশক লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।দুবাৰৰ বাবে ৰাজ্যসভালৈও নিৰ্বাচিত হৈছিল।মোৰাজী দেশাই মন্ত্ৰীসভাত বৈদেশীক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰা কিম্বদন্তী ৰাজনীতিবিদ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ দিল্লীৰ এইমছত ২০১৮ চনৰ ১৬ আগষ্টত মহাপ্ৰয়াণ ঘটে।