শীৰ্ষ বাতৰি

অধিগ্ৰহণ কৰা ভূমি সমস্যা সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱাল আগ্ৰহী নে?

Sentinel Digital Desk

দিছপুৰৰ সৰ্বানন্দ সনোৱাল চৰকাৰখনে ৰাজ্যৰ অবৈধ ভূমি বেদখল সন্দৰ্ভত গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে? বিৰোধীয়ে সততে উত্থাপন কৰা প্ৰশ্নবোৰৰ ভিতৰত এটা উল্লেখ যোগ্য প্ৰশ্ন হল মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দিষ্ট এক পৰিকল্পিত কাৰ্য্যকৰী ব্যৱস্থা নাই নেকি?প্ৰকৃত সত্যটো হল চৰকাৰৰ হাতত এতিয়াও অবৈধভাবে অধিগ্ৰহণ কৰি থকা প্ৰকৃত ভূমিৰ পৰিমাণ সম্বন্ধে সঠিক তথ্য নাই। চৰকাৰী তথ্যমতে ১৫৩ বিঘা ৰাজ্যত অধিগ্ৰহণ কৰি থকা ভূমি আছে কিন্তু অসম সত্ৰ মহাসভাৰ মতে অধিগ্ৰহণ কৰি থকা ভূমিৰ সংখ্যা ৭০০০ বিঘা। যোৱা বৰ্ষত অধিগ্ৰহণ কৰি থকা ভূমিৰ সন্দৰ্ভত জৰীপ চলাবৰ বাবে জিলা প্ৰশাসন আৰু অসম সত্ৰ মহাসভাৰ মাজৰ এখন যুতীয়া সমিতি গঠন কৰা হৈছিল, কিন্তু আজি পৰ্য্যন্ত কোনো উল্লেখযোগ্য ভূমি জৰীপ কৰা দেখা নগল। অধিগ্ৰহণ কৰা ভূমি সমূহত সন্দেহযুক্ত নাগৰিকে মহজিদ, মাদ্ৰাছা গঢ়ি তুলিছে। মৰিগাওঁত ২৫ নৱেম্বত অনুষ্ঠিত হোৱা কেন্দীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠকত অসম সত্ৰ মহাসভাই এই বিষয়বোৰ ডাঙি ধৰে।

চেণ্টিনেলৰ সৈতে হোৱা আচুতীয়া কথা-বতৰাত অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদাক কুসুম কুমাৰ মহন্তই কয় যে চৰকাৰী তথ্যমতে ৰাজ্যত মাত্ৰ ৮৬২ খনহে সত্ৰ আছে কিন্তু আমাৰ হাতত ১২৪১ খন সত্ৰৰ তথ্য আছে। চৰকাৰে বিভাগীয় জিলা উপায়ুক্ত, ভাৰপ্ৰাপ্ত উপায়ুক্ত,ৰাজহ চক্ৰ বিষয়া আৰু মণ্ডলৰ লগত আলোচনা কৰি অধিগ্ৰহণ কৰি থকা ভূমিৰ সঠিক তথ্য নিৰূপন কৰক।মহন্তই আকৌ কয় সমস্যা এতিয়া অধিগ্ৰহণ কৰি থকা ভূমিতে সীমাবদ্ধ হৈ থকা নাই, সমস্যা অধিগ্ৰহণ কৰা অঞ্চল সমূহত গঢ়ি উঠা মহজিদ,মাদ্ৰাছা সমূহক লৈওঁ শিপাইছে। মৰিগাওঁ জিলাৰ দামোদৰ দেৱৰ জন্মস্থানত ভূমি অধিগ্ৰহণ হৈছে।আনকি সত্ৰৰ পুখুৰীৰ ঠাইত মহজিদ নিৰ্মাণ সমিতিৰ ফলক লগোৱা হৈছে। কিন্তু আমি ভাৰপ্ৰাপ্ত উপায়ুক্তৰ সহযোগত সেই ফলক আঁতৰাব সক্ষম হৈছো। ধুবুৰী,গোৱালপাৰা আদি জিলাৰ প্ৰজন্মই শংকৰদেৱ,মাধবদেৱক পাহৰিব আৰম্ভ কৰিছে। চৰকাৰে এই বিষয়ত দৃষ্টি দিয়া প্ৰয়োজন বুলি মহন্তই পুনৰ মন্তব্য কৰে।