শীৰ্ষ বাতৰি

অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ভূমি অধিকাৰৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে

Sentinel Digital Desk

অসম চৰকাৰে ৰাজ্যত ভূমি অধিকাৰ হেৰুৱাই জীৱন নিৰ্বাহৰ লগত সংগ্ৰাম কৰি থকা কিছু সংখ্যক পিছপৰা সম্প্ৰদায়ৰ বাবে বিকল্প সুৰক্ষা ব্যৱস্থাৰ কথা চিন্তা-চৰ্চা কৰি আছে। অসমত জনগোষ্ঠীয় বেল্ট আৰু ব্লক সমূহৰ উপৰিও আৰু কিছু সংখ্যক সম্প্ৰদায় আছে যিসকলৰ ভূমিক সংৰক্ষিত ভূমি হিচাপে চিহ্নিত কৰা হৈছে। আইন অনুসৰি এনেধৰণৰ ভূমি অন্য কোনো সম্প্ৰদায়লৈ হস্তান্তৰ কৰিব পৰা নাযায়। পিছৰ পৰ্য্যয়ত অসম ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগে অসমত সংৰক্ষিত অঞ্চলৰ বাহিৰত আৰু কিছুসংখ্যক পিছপৰা শ্ৰেণী আছে বুলি জাননীত প্ৰকাশ কৰিছে।

এই সকল সম্প্ৰদায়ে অন্য সম্প্ৰাদয়ৰ হাতত নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাই আহিছে, বিশেষকৈ আগবঢ়া সম্প্ৰদায়ৰ হাতত এনেদৰে পিছপৰা সম্প্ৰদায়ে নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাইছে।বিশেষ সূত্ৰৰ পৰা অহা খবৰ অনুসৰি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ৰ পৰা এই ক্ষেত্ৰত প্ৰাথমিক জৰীপ চলোৱাৰ বাবে নিৰ্দেশ লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ে বিভাগীয় ব্যৱস্থাপনাক এই পিছপৰা সম্প্ৰদায়সমূহৰ ভূমি অধিকাৰ সন্দৰ্ভত এক বিস্তাৰিত প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিছে। সূত্ৰৰ পৰা গম পোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয়ৰ পৰা এই পিছপৰা সম্প্ৰদায়ৰ ভূমি অধিকাৰক সুৰক্ষিত কৰাৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে বিভাগক আহ্বান জনাইছে।যদিহে সকলো কাম-কাজ পৰিকল্পনা অনুসৰি আগবাঢ়ে তেনেহলে এই পিছপৰা সম্প্ৰদায় অধ্যুষিত অঞ্চল সমূহকো সংৰক্ষিত অঞ্চল হিচাপে চিহ্নত কৰিব পৰা যাব।সকলোৱে আন্তৰিকতাৰে সিদ্ধান্তক আগবঢ়াই নিলে এই প্ৰচেষ্ঠাই পৰবৰ্তী বৰ্ষৰ পৰা কাৰ্য্যকৰী হোৱাৰ সম্ভাৱনা আছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি: