শীৰ্ষ বাতৰি

অসম চুক্তি সম্পৰ্কত মন্তব্য প্ৰকাশ কেশৱ মহন্তৰ

Sentinel Digital Desk

১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ ২০ বছৰৰ বিদেশীৰ বোজা অসমে লোৱাৰ বিনিময়ত অসমে কি পালে এই সম্পৰ্কত মন্তব্য প্ৰকাশ অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ । তেজপুৰত সাংবাদিকৰ হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২০ বছৰৰ বিদেশী বোজা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি অসম আন্দোলনৰ নেতৃত্ব বহন কৰা একালৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে, অসম চুক্তিৰ ৬ নং অনুচ্ছেদৰ মতে কলাক্ষেত্ৰ, জ্যোতি চিত্ৰবন সংৰক্ষণৰ বাবে অৰ্থ যোগান ধৰাৰ লগতে ৭ নং অনুচ্ছেদ অনুসৰি আই.আই.টি, গেছ ক্ৰেকাৰ আদিৰ উন্নয়নৰ ক্ষেত্ৰত সহায় হোৱা বুলি কয় ।