শীৰ্ষ বাতৰি

অসম চুক্তি হুবহু ভাৱে ৰূপায়ন হব লাগে : অগপ

Sentinel Digital Desk

সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদে অসম চুক্তি হুবহু ভাৱে ৰূপায়ন কৰিবৰ বাবে দেশৰ গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে।অসম গণ পৰিষদ দলৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই কৈছে যে অসম চুক্তিৰ ষষ্ঠ দফা হৈছে অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰক্ষা কৱচ আৰু সেইবাবে অসম চুক্তি যিকোনো মুল্যৰ বিনিময়ত ৰূপায়ন হব লাগে।লগতে অতুল বৰাই কয় যে অসম চুক্তিৰ লগত কোনোধৰনৰ আপোচ নকৰে আৰু যদিহে আপোচ কৰে তেতিয়া ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ জন স্বহীদৰ লগতে অসমবাসীক ঘোৰ অপমান কৰা হব।