শীৰ্ষ বাতৰি

অসম লোকসভা আয়োগৰ পৰীক্ষাত সংযোগ নতুন নিয়ম

Sentinel Digital Desk

মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ আশাৰ কিৰণ অসম লোকসেৱা আয়োগত এক বৃহৎ বিকাশ আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷ অসম লোকসেৱা আয়োগে অসম প্ৰশাসনিক সেৱাকে আদি কৰি বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰিছে নতুন নিয়ম ৷ লোকসেৱা সেৱা আয়োগে প্ৰস্তুত কৰা নতুন নীতি নিৰ্দেশনাৰ তালিকা গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে ৷

অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ দিনত দুৰ্নীতিৰ পাহাৰ গঢ় লৈ উঠিছিল। ইয়াৰ পিছতেই জন মানসত লোকসেৱা আয়োগৰ সন্দৰ্ভত বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। আৰু জন মানসৰ বিৰূপ প্ৰতিক্ৰিয়াত পুনৰ বিশ্বাস আনিবলৈ নতুন নীতি নিৰ্দেশনা অসম লোকসেৱা আয়োগৰ ৷ নতুন নীতি নিৰ্দেশনা অনুসৰি অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাত অ’এমআৰ পদ্ধতিৰ হ’ব আৰু ভূল উত্তৰৰ বাবে নম্বৰ কৰ্তন কৰা হ’ব। মৌখিক পৰীক্ষাৰ বাবে ধাৰ্য কৰা নম্বৰ ১২.২ শংতাশৰ অধিক নহ’ব ৷ যাতে সাক্ষাৎকাৰ বৰ্ডৰ সদস্যসকলৰ দ্বাৰা প্ৰাৰ্থীসকলৰ নিৰ্বাচনত কোনো বিসংগতি নহয়।

আয়োগৰ পৰীক্ষাত সাক্ষাৎকাৰ লোৱাৰ সময়ত অধ্যক্ষ অথবা অন্য সদস্যসকলৰ পৰিয়ালৰ পুত্ৰ,জীয়ৰীৰ সাক্ষাৎকাৰ সম্পৰ্কে জনাব আয়োগক জনাব লাগিব ৷ ইফালে পূৰ্বে মূল পৰীক্ষাৰ ছমাহলৈ উত্তৰ বহী সংৰক্ষণ কৰাৰ যি নিয়ম আছিল ৷এতিয়াৰ পৰা সেই সময়সীমা এবছৰলৈ বৃদ্ধি কৰা হৈছে ৷ অন্যহাতে পাৰদৰ্শিতা পৰীক্ষাত ৪০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰৰ বাবে মতা হ’ব ৷ বস্তনিষ্ঠ লিখিত পৰীক্ষাত ০.২৫ শতাংশ নিগেটিভ মাৰ্কিং থাকিব ৷ লগতে প্ৰাৰ্থীয়ে ক’লা বা নীলা ৰঙৰ কলমহে ব্যৱহাৰ কৰিব পাৰিব ৷ উল্লেখ্য যে ,পৰীক্ষা কেন্দ্ৰ সমূহ থিৰাং কৰাৰ কাৰণে অধ্যক্ষৰ অনুমতি লাগিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি