শীৰ্ষ বাতৰি

অসমত ভোট কেন্দ্ৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ

Sentinel Digital Desk

২০১৯ চনৰ লোকসভা নিৰ্বাচন সুচাৰুৰূপে অনুস্থিত কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে অসমত ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে ৰাজ্য নিৰ্বাচনী বিভাগক নিৰ্দেশনা জাৰি কৰিছে।প্ৰথমবাৰৰ বাবে দেশত ইভিএমৰ লগত ভটাৰ্চ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰাইল সকলোৰে বাবে আৱশ্যক কৰিছে।ৰাজ্যত বৰ্তমান ২৭,২৬৭ টা ভোট কেন্দ্ৰ আছে।৮৭৬ টা নতুন ভোট কেন্দ্ৰ স্থাপন কৰিবৰ বাবে নিৰ্বাচনী আয়োগে ৰাজ্যিক নিৰ্বাচনী কমিতিক নিৰ্দেশনা জাৰি কৰিছে।এটা ভোট কেন্দ্ৰত গ্ৰামাঞ্চলত ১২০০ জন আৰু নগৰত ১৪০০ জনতকৈ অধিক নহবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ।দৰঙত ২১১টা, শোনিতপুৰত ৮১টা, কৰিমগঞ্জত ৫৩টা, কামৰূপ (গ্ৰাম্য) ৩০টা, কামৰূপ মহানগৰ ২৫টা, বৰপেটা ২৭টা, ডিব্ৰুগড় ১৭টা, ধুবুৰী ১৪টা ইত্যাদি।চৰাইদেও, গোৱালপাৰা, মৰিগাওঁ, দক্ষিন শালমৰা-মানকাচৰ আৰু মাজুলীত কোনোধৰনৰ ভোট কেন্দ্ৰ বৃদ্ধি নহয়।