ভাৰতীয় জনতা পাৰ্টী দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সংবাদমেলৰ আয়োজন কৰি কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ মাধ্যমত ৪০ লাখ লোকক বিদেশী ঘোষনা কৰিছে বুলি খবৰ ওলাইছে।কোনো ভাৰতীয় লোকৰ শংকাৰ কোনো কাৰন নাই,প্ৰকাশ পোৱা এনআৰচি খন খচৰাহে,চূড়ান্ত নহয়।বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।সভাপতিজনে লগতে কয় কংগ্ৰেছ দলেই আৰম্ভ কৰিছিল এনআৰচিৰ কাম আৰু বিজেপিয়ে শেষ কৰিব।