শীৰ্ষ বাতৰি

অসমৰ চাহলৈ বিশেষজ্ঞসকলৰ ভয়ংকৰ আগজাননী: প্ৰতিকূল বতৰে প্ৰভাৱ পেলাব চাহ উৎপাদনত

Sentinel Digital Desk

সততে শিৰোনামা দখল কৰা অসমৰ চাহৰ কাৰণে আহিছে এক বিশেষ দুঃখবৰ ৷কাৰণ এক বিশেষজ্ঞৰ মতামত অনুসৰি জলবায়ু পৰিৱৰ্তন আৰু গ্ল’বেল ৱাৰ্মিঙৰ কাৰণে ২০২৫ ৰ ভিতৰত অসমৰ চাহ উৎপাদিত বিভিন্ন অঞ্চল অনুপযোগী হৈ ৰ’ব পৰিব ৷ এই আগজাননীয়ে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে চাহ খেতিৰ লগত জৰিত থকা লোকসকলৰ মাজত ৷

ইফালে "ইণ্ডিয়ান টি এছ’চিয়েচন"অৰ্থাৎ ITA ৰ অনুসৰি যদি ২০২৫ ৰ ভিতৰত চাহ অনুপযোগী ক্ষেত্ৰত হোৱা বিষয়টো গম্ভীৰভাৱে বিচাৰ বিবেচনা নকৰে, তেন্তে বহু চাহ উৎপাদিত অঞ্চলৰ ওপৰত প্ৰতিকূল জলবায়ুৰ প্ৰভাৱ পৰিব৷ অন্যহাতে চাহ অনুসন্ধান সংস্থাত আয়োজিত অসমৰ চাহ সম্পৰ্কীয় এক অধ্যয়নৰ জৰিয়তে বিশেষজ্ঞসকলে আগজাননী দিয়ে যে ,যদি জলবায়ু পৰিৱৰ্তন,গ্ল’ৱেল ৱাৰ্মিঙৰ প্ৰতিকূল প্ৰভাৱক দূৰ কৰিবৰ কাৰণে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অসমৰ চাহৰ ভৱিষ্যত অন্ধকাৰৰ দিশে অগ্ৰসৰ হ’ব ৷

২০২৫ ৰ ভিতৰত চাহৰ ভৱিষ্যত সন্দৰ্ভত অধ্যয়ন কৰিবলৈ অসমৰ ৪ খন ঠাই নিৰ্বাচিত কৰিছিল। ইয়াৰ ভিতৰত উজনি অসম আৰু কাছাৰৰ চাহ উন্নত মানদণ্ডৰ ৷ চাহ সম্পৰ্কীয় অধ্যয়নৰ অন্য এক তথ্য অনুসৰি, অনাগত ৩৫ বছৰৰ পিছত অত্যাধিক চাহ উৎপাদন কৰা অঞ্চলসমূহতকৈ কাৰ্বি আংলং,ডিমা হাচাও আৰু তুলনামূলকভাৱে অন্যান্য ঠাইসমূহতকৈ ওখ অঞ্চলসমূহত চাহ উৎপাদন ভাল হোৱা দেখা যাব ৷

লগতে যি সমূহ ঠাইত বাৰিষা বতৰৰ প্ৰভাৱ দেখা যায় সেই সমূহ ঠাইত চাহ উৎপাদনত এই বতৰৰ প্ৰভাৱ পৰে ৷ অসমৰ প্ৰধানকৈ চাহ উৎপাদিত অঞ্চলসমূহত ন্যূনতম আৰু অধিকতম জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দেখা গৈছে ৷যাৰ প্ৰভাৱ চাহ উৎপাদিত কিছু অঞ্চলত পৰিব পাৰে ৷ ইফালে বছৰৰ প্ৰথম তিনিমাহত বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷ অসমৰ চাহ উৎপাদনত প্ৰথম চাৰিখন ঠাইত বাৰিষাৰ সময়ত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কোনো এখন ঠাইত চাহ উৎপাদনত হ্ৰাস বা বৃদ্ধিৰ প্ৰভাৱ বাৰিষা কালতেই পৰে ৷ গতিকে এইসমূহ অধ্যয়নৰ পৰা চাহ উদ্যোগৰ ভৱিষ্যত সম্বন্ধে স্পষ্ট হয়৷ চাহ উদ্যোগৰ ভৱিষ্যত সম্পৰ্কে বিশেষজ্ঞ সকলৰ এই স্পষ্টীকৰণে চাহ উৎপাদনৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা লোৱাত সহায় কৰিব ৷চাহৰ অন্যান্য হিতাধিকাৰীসকলৰ লগ হৈ দেশ তথা ৰাজ্যৰ চাহ বাগানসমূহৰ শীৰ্ষ নিকায় তথা আই টি এৰ পৰিষদক সলনি কৰা বিষয়ে তদন্ত কৰিব লাগে ৷এই মন্তব্য এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷

উল্লেখ্য যে অসমৰ চাহ খেতিৰ লগত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কষ্টোপাৰ্জিত ধন,শ্ৰম,আৱেগ জড়িত হৈ আছে। তেনে ক্ষেত্ৰত চাহ বিশেষজ্ঞসকলৰ এই মন্তব্যই চিন্তাৰ উদ্ৰেক ঘটাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত ৷ কিন্তু অসমৰ চাহৰ এই ভৱিষ্যত বাণীৰ পিছত চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি