শীৰ্ষ বাতৰি

আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে দেশৰ নৱ প্ৰজন্মক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ পদক্ষেপ

Sentinel Digital Desk

সমাগত ২০১৯ ৰ নিৰ্বাচন ৷ গতিকে ককালত টঙালী বান্ধিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) চৰকাৰে৷ শেহতীয়াকৈ মোডী চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দেশৰ যুৱ প্ৰজন্মক আকৃষ্ট কৰিবৰ কাৰণে মোডে চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ ৷ গতিকে নিৰ্বাচনৰ কাৰণে যুৱকসকলক একত্ৰিত কৰিবৰ কাৰণে অনলাইনৰ লগতে অন্যান্য সম্পৰ্কসমূহৰ কাৰ্যক্ৰমৰ ব্যৱস্থা কৰিব ৷ লগতে প্ৰায় ৫০ লাখ যুৱ প্ৰজন্মৰ এক বৃহৎ নেটৱৰ্কে কাম কৰিব অনাগত নিৰ্বাচনৰ কাৰণে ৷কিন্তু ইয়াৰ কাৰনে যুৱ প্ৰজন্মৰ "আইকন"ৰ জৰিয়তে এই প্ৰচাৰ চলাব ৷

বিজেপি যুৱা মৰ্চাৰ অধ্যক্ষ তথা সাংসদ পুনম মহাজনে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০১৯ ৰ নিৰ্বাচনত পুনৰাই প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব দেশৰ নব প্ৰজন্মই। সেয়েহে বিজেপিয়ে যুৱ প্ৰজন্মক নিৰ্বাচনৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব।লগতে আজিৰ পৰাই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে এই কাৰ্যক্ৰমণিকা সমূহ আৰম্ভ কৰিব কলেজ বিশ্ব বিদ্যালয়সমূহৰ পৰা। ইফালে এই সন্দৰ্ভত উৎকৃষ্ট মতামত দিবৰ কাৰণে লেখক,ব্ল’গাৰ তথা ছ’চিয়েল মিডিয়াত জৰিত থকা লোকসকলৰ এটা টিম গঠন কৰা হ’ব ৷বিভিন্ন ঠাইৰ সামাজিক অৱস্থাসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত প্ৰতিনিধি নিযুক্ত দিয়া হ’ব ।

লগতে সাংস্কৃতিক ক্ষেত্ৰখনত জৰিত বিভিন্ন লোকসকলক একগোট কৰি এটা টীম গঠন কৰা হ’ব ৷ সম্প্ৰতি সেই লোকসকলক চিনাক্ত কৰা হৈছে ৷ যিয়ে সমাজত বক্তা হিছাপে পৰিচিত বা সমাজক প্ৰতিনিধিত্ব কৰিব পাৰে ৷ লগতে প্ৰযুক্তি বিদ্যাৰ সমক্য জ্ঞান থকা লোকসকলকো অগ্ৰাধিকাৰ দিয়া হ’ব ৷লগতে মোডী চৰকাৰে গঠন কৰা যুৱ সংগঠনটোৰ প্ৰথম অগ্ৰাধিকাৰ দিব প্ৰথমবাৰৰ কাৰণে ভোটাধিকাৰ সাব্যস্ত কৰা লোকসকলক ৷ এই ক্ষেত্ৰত চৰকাৰখনৰ অনুসৰি অনাগত লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰায় ১৯ কোটি যুৱ প্ৰজন্মক নিয়োগ কৰিব৷ উল্লেখ্য যে,মোডী চৰকাৰৰ সম্প্ৰতি দেশৰ যুৱ প্ৰজন্মক নিৰ্বাচনৰ প্ৰতি আগ্ৰহী কৰি,ইয়াৰ জৰিয়তে নিৰ্বাচনত জয়ী লাভ কৰা চিন্তা চৰ্চাই চৰ্চা লাভ লাভ কৰিছে ৷ গতিকে, চৰকাৰৰ এই সিদ্ধান্তই অনাগত দিনত কেনেধৰণে ক্ৰিয়া কৰে সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি