শীৰ্ষ বাতৰি

আজি ঘোষণা হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা

Sentinel Digital Desk

১১ এপ্ৰিলৰ পৰা হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ১৮ মাৰ্চত অৰ্থাৎ আজি অধিসূচনা জাৰি কৰা হ’ব ৷ মনোনয়ন পত্ৰ দাখিল কৰা অন্তিম তাৰিখ হ’ল ২৫ মাৰ্চ। আৰু ২৬ মাৰ্চত মনোনয়ন পত্ৰ সমূহ বিবেচনা কৰা হ’ব। আনহাতে,নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা শেষ তাৰিখ ২৮ মাৰ্চ । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১১ এপ্ৰিলত আৰু ভোটগণনা হ’ব ২৩ মে’ত। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ডিব্ৰুগড়,যোৰহাট, কলিয়াবৰ,লক্ষীমপুৰ আৰু তেজপুৰত ।