শীৰ্ষ বাতৰি

আজি পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ ৰমজান মাহ

Sentinel Digital Desk

আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ ৰমজান মাহ । সূৰ্য্য উদয় হোৱাৰ পাছৰ পৰা দিনটো উপবাসে থাকি সন্ধিয়া আহাৰ গ্ৰহণ কৰে। নিয়ম অনুসৰি নিশা তাৰাবী নামাজৰ পিছত নামাজৰ পিছত কাইলৈ পুৱতি নিশা চেহৰীৰে আৰম্ভ কৰে ৰমজান মাহৰ ৰোজা ।

ইফটাৰত ফলমূল , খেজুৰে ৰোজা সম্পূৰ্ণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । ৰোজাৰ উপলক্ষ্যে মহানগৰীৰ বজাৰত ভৰি পৰিছে নানা ধৰণৰ খেজুৰ আৰু ফলমূল। আৰব, মদিনাকে ধৰি নানা ধৰণৰ খেজুৰ উপলব্ধ মহানগৰীৰ বজাৰত । ৰোজা মাহৰ বাবে ফলমূল, খেজুৰৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে ।

ৰমজান মাহৰ বাবে ৰাজ্য চৰকাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক সময়তকৈ আধা ঘন্টা আগতীয়াকৈ অৰ্থাৎ ৪.৩০ বজাত কাৰ্যালয়ৰ পৰা যোৱাৰ অনুমতি দিছে । সেয়েহে ৰোজা মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱা ৯ বজাত কাৰ্যালয়ত উপস্থিত হব লাগিব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি