শীৰ্ষ বাতৰি

আজি মিজোৰামত অনুষ্ঠিত মিজোৰাম বিধানসভা নিৰ্বাচন: নিৰ্ণয় হ’ব ২০৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Sentinel Digital Desk

আজি মিজোৰামত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন৷ ৰাজ্যখনৰ মুঠ ৪০ খন আসনৰ কাৰণে অনুষ্ঠিত হোৱাৰ ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা ৭ বজাৰ পৰা ৷ আৰু ভোটগ্ৰহন অন্ত পৰিব বিয়লি ৪ বজাত ৷ ইফালে মিজোৰামত কংগ্ৰেছ,বিজেপি আৰু এম এন এফৰ মাজত হ’ব নিৰ্বাচনী যুঁজ ৷ প্ৰায় ৭.৭০ লাখৰো অধিক ভোটাৰে ১,১৬৪ টা ভোট কেন্দ্ৰত নিৰ্ণয় কৰিব ২০৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

ৰাজ্যখনত কংগ্ৰেছ আৰু এম এন এফ অৰ্থাৎ মিজো নেশ্যনেল ফ্ৰন্টে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে ৩৯ খনত বিজেপিয়ে আৰু জেদ পি এম অৰ্থাৎ জোৰাম পিপ’ল ম’ভমেন্টয়ে ৩৭খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰী লালথানহাৱলাই তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদ দখলৰ বাবে যুঁজ দিয়াৰ লগতে কংগ্ৰেছক ওফৰাবলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে বিজেপি ৷

অন্যহাতে,বিজেপিৰ কাৰণে মিজোৰামৰ এই নিৰ্বাচন যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে প্ৰতিপন্ন হৈছে৷কাৰণ উত্তৰ পূবৰ ৰাজসমুহৰ ভিতৰত মিজোৰামতে আছে কংগ্ৰেছ ৷ অন্যহাতে,মিজোৰামত ১১বজা পৰ্যন্ত ২৯ শতাংশ ভোটগ্ৰহণ আৰু ১ বজা পৰ্যন্ত ৪৯ শতাংশ ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈছে । ইফালে,২০১৩ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৩৪ খন আসনত জয় লাভ কৰিছিল ৷

উল্লেখ্যনীয় যে,মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ যথেষ্ট উৎসাহজনক দেখা গৈছিল ৷ কাৰণ,মিজোৰামত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,বিজেপিৰ অধ্যক্ষ অমৃত শ্বাহৰ লগতে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী ৷ অন্যহাতে মিজোৰামত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব ১১ ডিচেম্বৰত ৷

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি