শীৰ্ষ বাতৰি

আজি ৰাজ্যত অনুষ্ঠিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

Sentinel Digital Desk

অসমত সংসদীয় নিৰ্বাচন তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মংগলবাৰে পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈকে অনুষ্ঠিত হ’ব ৷ শান্তিপূৰ্ণ আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সকলো ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে ৷ ইফালে ২০০ সুৰক্ষা বাহিনীক মোতায়ন কৰা হৈছে ৷ লগতে অসম আৰক্ষীৰ তিনিখন হেলীকপ্তাৰ যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে ৷

বিগত দুটা নিৰ্বাচনত,১৭৯ সুৰক্ষা বাহিনীক মোতায়ন কৰা হৈছিল ৷ কিন্তু সম্প্ৰতি গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টি বিশেষভাৱে মহত্ত্বপূৰ্ণ কাৰণেই অতিৰিক্ত সুৰক্ষা বাহিনী মোতায়ন কৰা হৈছিল ৷

ইফালে,তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৩৬ টা মাইক্ৰ অৱজাৰভাৰ,পাঁচটা জেনেৰেল অৱজাৰভাৰ,তিনিটা পুলিছ পৰ্যবেক্ষক আছে ৷ ১২৫ টা ফ্লাইং স্ক’ৱাড,১১২ টা ষ্টেটিক চাৰভিলেন্স,৮৩ টা ভিডিঅ’ চাৰভিলেন্স দলে নিৰ্বাচনত তীক্ষ্ণ দৃষ্টি ৰাখিব ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ১৫ জন প্ৰাৰ্থী ধুবুৰীত,১৩ জন বৰপেটাত আৰু ৯ জন কোকৰাঝাৰৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ৷ প্ৰায় ৭৪,৭৭,০৬২ জন ভোটদাতাই ৯,৫৭৭টা ভোটকেন্দ্ৰত ভোটদান কৰিব। ইয়াৰ ভিতৰত ৩৮,১৫,৩৩৫ জন পুৰুষ আৰু ৩৬,৬১,৫৭০ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ১৫৭ জন ৷ ইফালে অতি পিছপৰা অঞ্চলত আছে ৫২৪ টা ভোটকেন্দ্ৰ। ইয়াৰে ৩১৪ টা ধুবুৰীত অৱস্থিত ৷ ইয়াৰ পিছত বৰপেটাত আছে ১৪০ আৰু গুৱাহাটীত আছে ৭০ টা ভোটকেন্দ্ৰ।

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে । অৱশ্যে মুখ্য প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ ববীতা শৰ্মা আৰু বিজেপি কুইন ওজাৰ মাজত হোৱা সম্ভাৱনা আছে ৷ বৰপেটাত ১৩ জন প্ৰাৰ্থীৰ ভিতৰত মুখ্য প্ৰতিদ্বন্দিতা হয় কুমাৰ দীপক দাস,এআইইউডিএফৰ ৰফীকুল ইছলাম আৰু কংগ্ৰেছৰ আব্দুল খালেকৰ মাজত হৈছে ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা ৷ ধুবুৰীৰ ১৫ জন প্ৰাৰ্থীৰ ভিতৰত মুখ্য প্ৰতিদ্বন্দিতা হ’ব এআইইউডিএফৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমল, অসম গণ পৰিষদৰ জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহিৰ বেপাৰীৰ মাজত হ’ব ত্ৰিকোনীয়া প্ৰতিদ্বন্দিতা ৷

দ্বিতীয়তে কোকৰাঝাৰ আসনৰ কাৰণে নজন প্ৰতিদ্বন্দি প্ৰাৰ্থী আছে ৷ কিন্তু মুখ্য প্ৰতিদ্বন্দিতা নৱ কুমাৰ শৰণীয়া,মন্ত্ৰী আৰু বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম,শব্দ ৰাম ৰাভাৰ মাজত হ’ব তীব্ৰ প্ৰতিদ্বন্দিতা ৷ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ১৪৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ইয়াৰ ভিতৰত ৪১ জনে ১১ এপ্ৰিলত পাঁচটা সংসদীয় আসনৰ কাৰণে ভোটদান কৰে ৷ ১৪ এপ্ৰিলত হোৱা পাঁচটা সংসদীয় আসনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ৫০ জন আৰু ২৩ এপ্ৰিল অৰ্থাৎ আজি হোৱা চাৰিখন সংসদীয় আসনত ৫৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াই ৷

ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ১২৫ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৷ ইয়াৰে ৭৯ টা গুৱাহাটী,২৯ টা ধুবুৰীত,২৮ টা বৰপেটাত আৰু ১১ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ কোকৰাঝাৰত আছে ৷ ১২৫ টা ভোটকেন্দ্ৰ মডেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি