এনআৰচিৰ দাবী আপত্তিৰ শুনানি শুক্ৰবাৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব ।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থাৎ এন আৰ চিৰ ৪০ লাখ আবেদকৰ ভিতৰত ৩৬.২ লাখ লোকৰ নাম তালিকাখনত অন্তভূক্ত কৰা ন’হল ৷যি সকলৰ লোকৰ এন আৰ চি সম্বন্ধীয় দাবী আপত্তি আছে,তেওঁলোকক এন আৰ চি কেন্দ্ৰসমূহত উপষ্ঠিত হ’বৰ কাৰণে ১৫ জুনৰ পূৰ্বে ন’টিছ জাৰীকৰিব। শুনানি কেন্দ্ৰ সমুহত ৩৪৫৭ জন বিষয়াক নিযুক্তি কৰিব ৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এন আৰ চিত নাম অন্তভূক্ত কৰা সেৱা কেন্দ্ৰসমূহত নাম বাদ পৰা সকলৰ উপৰিও সন্দেহযুক্ত লোকৰ বিৰুদ্ধে দাবী আপত্তি সমূহৰ প্ৰসংগত বায়’মেটিক পদ্ধতি অৱলম্বন কৰা হ’ব৷ উল্লেখ্য যে বায়’মেট্ৰিকে এটা হাতীৰ দৰে কাম কৰে। কাম কৰাত সহজ হ’বৰ কাৰণে ৰাজ্য চৰকাৰ আধাৰ কাৰ্ডৰ কাৰণে বায়’মেটিক ডাটা সংগ্ৰহ চেট আপৰ প্ৰয়োগ কৰিব ৷ৰাজ্যত কৰ্মৰত ১২৪১ টা আধাৰ কেন্দ্ৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কাৰণে বায়’মেটিক ডাটা সংগ্ৰহ কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হ’ব । এনে ধৰণৰ কেন্দ্ৰক এনআৰচিৰ শুনানি কেন্দ্ৰত স্থানান্তৰিত কৰা হ’ব ৷
যিসকলৰ লোকৰ লোকৰ নাম বায়’মেটিক ডেটাৰ লগতে অন্তিম এনআৰচিৰ থাকিব,সেই সকলৰ লোকৰ আধাৰ কাৰ্ড তৈয়াৰ হ’ব ৷আনহাতে যিসকল লোকৰ নাম অন্তিম তথা চূড়ান্ত এন আৰ চিৰ অন্তৰ্ভূক্ত নহয় তেওঁলোকৰ নামত আধাৰ কাৰ্ড তৈয়াৰ হোৱাৰ প্ৰশ্নই নুঠে ৷Unique Identification Authirity of India অৰ্থাৎ UIDAI য়ে অসমৰ এই সমগ্ৰ কামত সহায় কৰিছে ৷ইফালে যিসকলৰ লোকে প্ৰথমতেই আধাৰ কাৰ্ড লাভ কৰিলে ৷তেওঁলোকে বায়’মেট্ৰিক ডেটা দিব নালাগে ৷তেওঁলোকে নিজৰ আধাৰ কাৰ্ড দেখুৱাব লাগিব ৷
আৰু এন আৰ চিৰ প্ৰাধিকৰণক আইডী নম্বৰ দিব লাগিব ৷ শীৰ্ষ আদালতৰ নিৰ্দেশ অনুসৰি চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ দিন ২০১৯ বৰ্ষৰ ৩১ জুলাইতকৈ যাতে বৃদ্ধি নাপায় ৷লগতে আগন্তক লোকসভা নিৰ্বাচনে যাতে এন আৰ চিক কোনো ক্ষেত্ৰতে প্ৰভাৱ নেপেলায় ৷ উল্লেখ্য যে এনআৰচি সম্বন্ধীয় কাম কাজ আৰম্ভ হৈছিল ২০১৫ চনৰ পৰা ৷এন আৰচিত নাম অন্তৰ্ভূক্ত কৰিবলৈ আবেদন কৰিছিল ৩.২৯ কোটি জনসাধাৰণে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি