শীৰ্ষ বাতৰি

আমগুৰিত প্ৰজ্বলন হ'ল বিশ্ব অভিলেখৰ চেষ্টাৰে দুই লাখ মাটিৰ চাকি

Sentinel Digital Desk

শিৱসাগৰ জিলাৰ আমগুৰিত আজি দ্বিপান্দিতাৰ সন্ধিয়া ২ লাখ মাটিৰ চাকি প্ৰজ্বলন কৰি বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিছে "প্ৰভাতী"---- এটা সপোনৰ যাত্ৰা "নামৰ বেচৰকাৰী সংগঠনে। পোহৰৰ উৎসৱ দিপাৱলী দিনা প্ৰভাতী নামৰ বেচৰকাৰী সংগঠনটোৰ লগতে আমগুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমগুৰি ক্ৰীড়া মিনি ষ্টেডিয়ামত "ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া" আৰু "এছিয়া প্ৰেছিফিক ৰেকৰ্ডত" নাম অন্তভুক্তিৰ বাবে এই প্ৰচেষ্টা হাতত লয় ।

আমগুৰি কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত সমাজসেৱিকা কস্তুৰী বৰবৰুৱা কলিতা উপস্থিত থাকে।অসমী আইৰ নাম সোণালী আখৰেৰে জিলিকাই ৰাখিবলৈ বেচৰকাৰী সংস্থাটোৱে মাটিৰ চাকিৰে "অসম" ৰাজ্যক অংকিত কৰাৰ লগতে "জয় আই অসম" অংকন কৰি মাটিৰ চাকি প্ৰজ্বলন কৰে। অসমৰ শান্তি-সম্প্ৰীতি, প্ৰেম ভ্ৰাতৃত্ব, একতা আৰু জাতি-জনগোষ্ঠীৰ মহামিলনৰ থলী ৰূপে গঢ় দি দুই লাখ বন্তি প্ৰজ্বলনেৰে "প্ৰভাতী পোহৰে, পোহৰাই তুলিম। সেউজী ধৰণী, আমিয়েই গঢ়িম" মুলমন্ত্ৰেৰে এটা সপোনৰ যাত্ৰা কৰা প্ৰভাতীয়ে আমগুৰিত এনে পদক্ষেপ লোৱাত আমগুৰিৰ সচেতন ৰাইজে আদৰণি জনায় । অনুষ্ঠানতে মুখ্য আকৰ্ষক হিচাপে উপস্থিত থাকে বিশ্ব অভিলেখ অধিকাৰী শিৰোমণি দলে ।

আনহাতে "ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়া" আৰু "এছিয়া প্ৰেছিফিক ৰেকৰ্ড"ৰ কাৰ্যসূচীত পৰিদৰ্শক হিচাপে শিৰোমণি দলে আৰু কানায়া ঠাকুৰ উপস্থিত থাকে। বিশ্ব অভিলেখৰ বাবে আয়োজন কৰা সমূহ কাৰ্যসূচী সাফল্য কৰাত সহায় কৰা প্ৰভাতী সংস্থাৰ হৈ সভাপতি বিকাশ গগৈ,সম্পাদিকা পূবালী গগৈ আৰু উদযাপন সমিতিৰ হৈ সভাপতি দুলাল বৰুৱা, কাৰ্যকৰী সভাপতি চম্পক কুমাৰ দত্ত, এজেৱাইচিপিৰ প্ৰাঞ্জল হাজৰিকা, মিঠু দত্ত আৰু যুটীয়া সম্পাদক মাধুৰ্য্য গগৈ, নৱজিৎ লাহনে আমগুৰিবাসীক কৃতজ্ঞতা জনাইছে ।