শীৰ্ষ বাতৰি

আমি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং

Sentinel Digital Desk

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে মন্তব্য কৰে যে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ ৰাজনাথ সিঙে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি কয় যে আমি সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা কৰিম ৷ দলটোৰ নিৰ্বাচনী ইস্তাহাৰত লগতে উল্লেখ আছে যে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক বাস্তৱায়িত কৰা হ’ব ৷

লগতে সমগ্ৰ দেশৰ সুৰক্ষা ব্যৱস্থাটোক অধিক শক্তিশালী কৰা হ’ব । ইফালে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে মাজত মাত্ৰ কেইটামান দিন ৷ বিজেপিয়ে দলৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷ এই অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,বিদেশ মন্ত্ৰী সুষমা স্বৰাজ,বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ আৰু অন্যান্য নেতাসকল ৷ চুবুৰীয়া দেশসমূহত ধৰ্মীয় উৎপীড়নৰ সন্মুখীন হোৱা লোকসকলক ৰক্ষা কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ ৷

নিৰ্বাচনী ইস্তাহাৰত লগতে উল্লেখ আছে যে, দেশৰ চুবুৰীয়া দেশসমূহত থকা হিন্দু,বৌদ্ধ আৰু শিখসকলক ভাৰতৰ নাগৰিকত্ব দিয়া হ’ব ৷ ইফালে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা উল্লেখ থকাৰ বিপৰীতে,কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে যদিহে দলটো নিৰ্বাচনত জয়ী হয়,তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়কক বাতিল কৰিব। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন হ’লেই উত্তৰ পূবত অৰাজকতাই দেখা দিছে ৷

অন্যহাতে, অসমৰ শেহতীয়াকৈ বিজেপিৰ লগত মিত্ৰতা কৰা অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতে মিত্ৰতা ভংগ কৰিছিল । অৱশ্যে আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্ত দুয়োটা দল অৰ্থাৎ বিজেপি আৰু এজিপি আকৌ মিত্ৰতা কৰি নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াই। ইয়াৰ মাজতে অবৈধ প্ৰব্ৰজনৰ সন্দৰ্ভত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে অবৈধ প্ৰব্ৰজনৰ কাৰণে কিছুমান ক্ষেত্ৰত সাংস্কৃতিক আৰু ভাষাৰ পৰিৱৰ্তন হৈছে। ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে স্থানীয় লোকসকল ৷

এই ক্ষেত্ৰত এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ভৱিষ্যতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক দেশৰ অন্য ক্ষেত্ৰতো বাস্তৱায়িত কৰা হ’ব। নিৰ্বাচনী ইস্তাহাৰত লগতে উল্লেখ আছে যে উত্তৰ পূবত অবৈধ প্ৰব্ৰজনত প্ৰতিবন্ধকতা লগাবলৈ বিজেপিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব ৷ সীমা সুৰক্ষাক শক্তিশালী কৰি কৰাৰ উপৰিও ধুবুৰীত সীমা সুৰক্ষাক শক্তিশালী কৰিবৰ কাৰণে এক পাইলট প্ৰজেক্ট আৰম্ভ কৰা হ’ব। ইফালে চুবুৰীয়া দেশসমূহৰ ব্যৱসায়িক যাত্ৰাক সফল কৰিবৰ কাৰণে এক নিৰ্মাণাধীন ছেক প’ষ্ট নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ৷ সকলো ছেক প’ষ্টৰ যাৱতীয় কাম কৰাৰ পিছত বাংলাদেশ, নেপাল আৰু ভূটানৰ লগত ছেক গেটৰ জৰিয়তে বাণিজ্যিক আন্দোলন গঢ়ি তোলা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি