শীৰ্ষ বাতৰি

আস্থা ভোটত জয়লাভ গোৱাৰ নতুন মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত

Sentinel Digital Desk

আস্থা ভোটত জয়লাভ গোৱাৰ নতুন মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ। সাৱন্তৰ সপক্ষে ২০গৰাকী বিধায়কৰ ভোটদান। ৪০ খন আসনৰ থকা গোৱা বিধানসভা সমষ্টিত আজি ২০ জন বিধায়কৰ সমৰ্থনত আস্থা ভোটত জয় হবলৈ সক্ষম হয় প্ৰমোদ সাৱন্ত ।

আস্থা ভোটৰ সন্মুখীন হোৱাৰ পুৰ্বে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে এখন কেবিনেট বৈঠকত মিলিত হয়। দুজন কংগ্ৰেছৰ বিধায়ক দয়ানন্দ সপ্তে আৰু সুভাষ শ্বিৰ'কাৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বিজেপি দলটো শক্তিশালী হৈ পৰে ।

বুধবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত গোৱা ফৰৱৰ্ড পাৰ্টি, মহাৰাষ্ট্ৰীয়তাবাদী গোমান্তক দল আৰু স্বাধীন বিধায়ক সকলে সমৰ্থন আগবঢ়াই। ১২ গৰাকী বিজেপিৰ বিধায়কে সমৰ্থন আগবঢ়োৱাৰ লগতে ৩ গৰাকী গোৱা ফৰৱৰ্ড পাৰ্টিৰ আৰু ৩ গৰাকী স্বাধীন বিধায়কে ভোট দিয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুত সদনৰ মজিয়াত সমবেদনা জ্ঞাপন কৰে ।

গোৱাৰ পানাজীত অনুষ্ঠিত হৈছিল বিশেষ অধিৱেশন। সোমবাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল সাৱন্তে। মনোহৰ পাৰিকৰৰ দেহাৱসানৰ পিছতে সাৱন্তে শপত লৈছিল মুখ্যমন্ত্ৰীৰূপে| ৰাজ্যপাল মৃদুলা সিনহাই শপতবাক্য পাঠ কৰোৱাইছিল। উপ মুখ্যমন্ত্ৰী ৰূপে শপত লৈছিল দুগৰাকীয়ে। MGPৰ নেতা সুদিন ধৱলিকাৰে আৰু GFP দলৰ নেতা বিজয় সৰদেশাইয়েও লৈছিল শপত। মুঠ ১১গৰাকীয়ে কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিছিল । মনোহৰ পাৰিকৰৰ বিয়োগৰ পিছতে শপত ল’লে প্ৰমোদ সাৱন্তে।

৪০ খন আসনযুক্ত গোৱা বিধানসভাত ২০ গৰাকীৰ সমৰ্থনত পুনৰ বিজেপিৰ মিত্ৰজোটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় । আস্থা ভোটত ১৪ গৰাকী কংগ্ৰেছৰ বিধায়কৰ লগতে লগতে এজন ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টিৰ বিধায়কে সমৰ্থন আগবঢ়াৱা নাছিল ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি