শীৰ্ষ বাতৰি

আহমেদাবাদত ভোটাধিকাৰ সাব্যস্ত কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Sentinel Digital Desk

মংগলবাৰে গুজৰাটত ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে সন্ত্ৰাসবাদীৰ আই ই ডিতকৈ "ভোটাৰৰ আই ডি" অধিক শক্তিশালী ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে আহ্বান জনাই যে সকলো যাতে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন খোলা জিপত উঠি আহমেদাবাদৰ ৰানিপ অঞ্চলৰ নিচান হাই স্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে মোদীয়ে ।

গান্ধীনগৰৰ বিজেপিৰ প্ৰাৰ্থী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিদ্যালয় খন লৈ আদৰি লৈ যোৱাৰ লগতে সংগ দিয়ে ।

ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথৰ দুয়োকাষে থকা হাজাৰো অধিক লোকক অভিবাদন জনাই। ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা কিছু দূৰ খোজকাঢ়ি গৈ সংবাদ কৰ্মীৰ সম্বোধন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় বিশ্বৰ সন্মুখত গনতান্ত্ৰীক ভাৰত এক উদাহৰণ । এটা দিশত সন্ত্ৰাসবাদীৰ অস্ত্ৰ হৈছে আই ইউ ডি, আনটো দিশত ভোটাৰৰ অস্ত্ৰ হৈছে ভোটাৰ আই ডি (পৰিচয়) ৰ লগতে গনতান্ত্ৰৰ শক্তি । সন্ত্ৰাসবাদীৰ আই ই ডিতকৈ ভোটাৰৰ আই ডি অধিক শক্তিশালী বুলি প্ৰকাশ কৰে । আৰু অধিক সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

গৃহ সমষ্টি গুজৰাটত ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দ প্ৰকাশ কৰে মোদীয়ে । দেশৰ বিভিন্ন প্ৰান্তত আজি তৃতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । কুম্ভ মেলাত স্নান কৰি যি পবিত্ৰ অনুভৱ কৰে আজি গৃহ সমষ্টিত ভোটদান দি একে অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

পুৰ্ন উদ্যমেৰে ভোটদান কৰিবলৈ আহ্বান জনাইছে মোদীয়ে । দেশৰ জ্ঞানী জনসাধাৰণে কাক ভোট দিব লাগে আৰু কাক ভোট দিব নালাগে জানে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।লগতে মোদীয়ে ২১ শতিকাৰ নতুন ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই।

পুৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃ হিৰাবেন মোদীৰ আৰ্শীবাদ লোৱা পৰিলক্ষিত হয় । মাতৃ লগত প্ৰায় ২০ মিনিট সময় অতিবাহিত কৰে। মাতৃয়ে এখন চাদৰ, মিঠাই, নাৰিকলৰ লগতে নিৰ্বাচনত জয় হবলৈ প্ৰাৰ্থনা কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি