শীৰ্ষ বাতৰি

উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৩,৪ এপ্ৰিলত ৰেলীত অংশগ্ৰহণ কৰিব

Sentinel Digital Desk

লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৈ কেন্দ্ৰীয় নেতাৰো অগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ ৰনডংগা বজালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে । এইবাৰ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে নিজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত আহি উপস্থিত হব।

৩ আৰু ৪ এপ্ৰিলত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৪ টা ৰেলীত আৰু কেইবাখনো দলৰ বৈঠকত অংশগ্ৰহন কৰিব । ৩ এপ্ৰিলত ৰাহুল গান্ধী নাগালেণ্ড আৰু ডিমাপুৰত উপস্থিত হৈ পিছত কলিয়াবৰ লোকসভা নিৰ্বাচনৰ বোকাখাত আৰু লক্ষিমপুৰ লোকসভা সমষ্টি আৰু চিলংত দুখন বৈঠকত অংশগ্ৰহন কৰি , নিশাতো চিলংতে কটাব । আনহাতে ৪ এপ্ৰিলত কৰিমগঞ্জৰ এক ৰেলীত অংশগ্ৰহণ কৰি উৰিষ্যালৈ ৰাওনা হ'ব ৰাহুল গান্ধী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ৩০ মাৰ্চত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম আহি উপস্থিত হৈছিল । পুনৰ ৭ এপ্ৰিলত উত্তৰ পূৰ্বাঞ্চলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰাক উপত্যকাৰ ত্ৰিপুৰা, ইম্ফল আৰু শিলচৰৰ ৰেলীত অংশগ্ৰহণ কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি