কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনি বিধেয়কক মুলমন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বহু সমস্যাৰ ভিতৰত নাগৰিকত্ব সংশোধনি বিধেয়ক খনকে গুৰুত্ব দি নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছে । মংগলবাৰে প্ৰকাশ কৰা কংগ্ৰেছৰ নিৰ্বাচনী মেনিফেষ্টত এই তথ্য প্ৰকাশ পাইছে ।
কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সূচীত বিতৰ্কিত নাগৰিকত্ব সংশোধনি বিধেয়ক খন উল্লেখ আছে। নাগৰিকত্ব সংশোধনি বিধেয়ক খন সংসদত উত্থাপন হোৱাৰ পাছৰ পৰায়ে কংগ্ৰেছে বিৰোধিতা কৰি আহিছে বুলি কংগ্ৰেছৰ জেষ্ঠ নেতায়ে প্ৰকাশ কৰিছে ।
মংগলবাৰে দিনৰ প্ৰায় ১১ বজাৰত ২৪ আকবৰ ৰোডত কংগ্ৰেছৰ এই মেনিফেষ্ট' খন প্ৰকাশ কৰিব । এই অনুষ্ঠানত ছুনিয়া গান্ধী , ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰা উপস্থিত থাকিব । লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য বাবে বিশেষ পুঁজিৰ কথাও উল্লেখ কৰে।
মেনিফেষ্ট' খনৰ মতে কংগ্ৰেছ বিজেপিৰ অৰ্থনৈতিক নীতিকো সমালোচনা কৰিব বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশেষজ্ঞ পুষ্প চাৰাফে । লগতে প্ৰকাশ কৰে যে জম্বু কাশ্মীৰ সম্পৰ্কীয় বিষয়ো মেনিফেষ্ট' খনত উল্লেখ কৰা হৈছে । ভাৰত-পাকিস্তানৰ আলোচনাৰ গুৰুত্বৰ ওপৰতো উল্লেখ কৰিছে বুলি প্ৰকাশ কৰে ।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি