শীৰ্ষ বাতৰি

এইবাৰ #MeToo এ সাঙোৰিলে লাচিত মালিংগাক

Sentinel Digital Desk

দেশৰ বলীউদ জগতৰ পৰা ৰাজনীতি জগতলৈ, সংবাদ জগতৰ পৰা ক্ৰীড়া জগতলৈ, সকলোকে জোকাৰি গৈছে #MeToo য়ে । এদিন ময়ো যৌন নিগ্ৰহৰ সন্মুখীন হৈছিলোঁ বুলি সাহসেৰে মত প্ৰকাশ কৰি মহিলা সকলে ২০১৬ ৰ পৰা বিশ্বজুৰি চলোৱা আন্দোলনত সাঙোৰ খাইছে দেশৰ লগতে বিদেশৰ বহু নামী দামী ব্যক্তিৰ নাম ।

#MeToo অভিযানৰ পৰা সাৰি নগ'ল তাৰকা খেলুৱৈ লাচিত মালিংগাৰ নাম। শ্ৰীলংকান খেলুৱৈ অৰ্জুন ৰানাথুংগাৰ পিছত বেগী বলাৰ লাচিত মালিংগাৰ বিৰুদ্ধে আহিছে যৌন নিৰ্যাতনৰ অভিযোগ। ভাৰতীয় সংগীত শিল্পী চিন্ময়ী শ্ৰীপদাই মালিংগাৰ বিৰুদ্ধে আনিছে এই অভিযোগ। টুইটাৰত প্ৰকাশ কৰি শিল্পী গৰাকীয়ে কয় যে আই পি এল ৰ সময়ত শাৰিৰীক নিৰ্যাতনৰ চেষ্টা চলাইছিল লাচিত মালিংগাই ।

টুইটাৰত সবিশেষ লিখি প্ৰকাশ কৰে যে মুম্বাইৰ এখন হোটেলত লগ পাইছিল লাচিত মালিংগাক। হোটেলত নিজৰ বান্ধৱী এগৰাকীক বিচাৰি থকা সময়তেই মালিংগাই নিজৰ কোঠাত থকা বুলি কয়। বান্ধৱীক লগ কৰো বুলি হোটেলৰ কোঠাত প্ৰৱেশ কৰোতেই মালিংগাই তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন কৰে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে মানুহে শ্ৰীপদাকে জগৰীয়া কৰিব বুলি ইমানদিনে নিশ্চুপ হৈ আছিল বুলিও প্ৰকাশ কৰে। আনহাতে টুইটটোত শিল্পী চিন্ময়ী শ্ৰীপদাই বান্ধৱী গৰাকীৰ নাম কোৱাৰ পৰা বিৰত থাকে।