শীৰ্ষ বাতৰি

কামপুৰত বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন ছাত্ৰী

Sentinel Digital Desk

নগাঁও জিলাৰ কামপুৰত বিদ্যালয়লৈ যোৱাৰ পথত মামণি বৰ্মন নামৰ কামপুৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকী চাৰিদিন ধৰি নিখোজ হোৱাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰিছে ।

কামপুৰ ঘিলানী গাঁৱৰ ছাত্ৰী গৰাকী বুধবাৰে স্কুলত নথি পত্ৰ জমা দিয়াৰ উদ্দেশ্যেৰে ১১ মান বজাত ঘৰৰ ওলাই আহিছিল ।কিন্তু অতি দুৰ্ভাগ্য জনক বিষয় যে ছাত্ৰী গৰাকী স্কুল গৈ নাপালে আৰু সেই দিন ধৰি আজি পৰ্যন্ত নিখোজ হৈ আছে ।

আত্মীয় স্বজনৰ লগতে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে ।অৱশেষত কামপুৰ আৰক্ষীৰ কাষ চাপিছে মামণিৰ পিতৃ-মাতৃ । ইফালে চাৰি দিন ধৰি নিখোজ হৈ থকা ছাত্ৰী গৰাকীৰ সন্ধান কোনোৱে পালে ৬০০০৩-২৬৬০৯ নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে মামণিৰ পিতৃ-মাতৃয়ে ।