শীৰ্ষ বাতৰি

কেদাৰনাথ পৰিদৰ্শনৰ বাবে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Sentinel Digital Desk

দুদিনীয়া ভ্ৰমণসুচীৰে আজি উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে কেদাৰনাথ আৰু বাদ্ৰিনাথ পৰিদৰ্শন কৰিব । ১৯ মেত অৰ্থাৎত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ আগমুহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰ দুটা পৰিদৰ্শন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰে আৰু কাইলৈ পুৱা বাদ্ৰিনাথ মন্দিৰ পৰিদৰ্শন কৰি দিল্লীলৈ ওভতি যাব ।

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বাৰানসীকে ধৰি দেশৰ ৫৯ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব। লোকসভা নিৰ্বাচনৰ ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আনুষ্ঠানিক । নিৰ্বাচনী আয়োগে মোদীৰ উত্তৰাখণ্ড ভ্ৰমণৰ অনুমতি প্ৰদান কৰিছে ।কিন্তু সমান্তৰালকৈ নিৰ্বাচনী বিভাগে মোদীক নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ প্ৰকাশ কৰিছে ।

নিৰ্বাচনী আয়োগৰ বিষয়ায়ে প্ৰকাশ কৰে যে মোদীৰ এই ভ্ৰমণ অফিচিয়েল । মোদীৰ ভ্ৰমণৰ বাবে সাগৰ পৃষ্ঠৰ পৰা ১১,৭৫৫ ফিট উচ্চতাত অবস্থিত কেদাৰনাথত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ভগৱান শিৱৰ এই মন্দিৰটোলৈ বহুবাৰ গৈছে । মোদীয়ে নবেম্বৰত মন্দিৰটোলৈ গৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি