শীৰ্ষ বাতৰি

খাইৰুল ইচলামৰ চাকৰিৰ প্ৰতিবেদন বিচাৰিছে মৰিগাঁওৰ উপায়ুক্তই

Sentinel Digital Desk

মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসে বিদেশী হিচাপে চিনাক্ত হোৱা খাইৰুল ইচলাম নামৰ শিক্ষক জনৰ চাকৰিৰ প্ৰতিবেদন জিলা শিক্ষা বিষয়াক জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে।খাইৰুলে ১৯৯৭ চনৰ পৰা মৰিগাঁওৰ খণ্ডাপুখুৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল।মৰিগাঁও জিলাৰ এনআৰচিৰ সেৱা কেন্দ্ৰত তথ্য পৰীক্ষাৰ কামত বিদেশী নাগৰিক নিয়োজিত হৈ থকাৰ প্ৰমান পোহৰলৈ অহাত সমগ্ৰ ৰাজ্যতে চাঞ্চল্য সৃষ্টি হৈছিল।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুলক এনআৰচি কামৰ পৰা অতি অব্যাহতি দিছিল যিহেতু বিদেশী ন্যায়াধীকৰনে ব্যক্তিজনক বিদেশী ঘোষণা কৰা কথা সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছিল।এনেকুৱা ঘটনা মাত্ৰ অসমতহে সংঘটিত হয় যত বিদেশীয়ে বিধায়ক,সাংসদ হয়, চৰকাৰী চাকৰী লাভ কৰে আৰু বিদেশী চিনাক্তকৰনৰ দৰে প্ৰকিয়াৰ লগতো জড়িত হৈ পৰে।মৰিগাঁও জিলা প্ৰশাসনে খাইৰুল ইচলামে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বুলি ভাবিছিল কিন্তু ১৩ জুনত উচ্চ ন্যায়ালয়ে ব্যক্তি জনক বিদেশী বুলি ঘোষণা কৰিছিল।ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে খাইৰুলক বিদেশী ঘোষণা কৰা কথা জানিব পাৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল।