শীৰ্ষ বাতৰি

গোলাঘাটত সংখ্যালঘূ ছাত্ৰ সন্থাৰ সভাপতিক গ্ৰেপ্তাৰকলৈ উত্তপ্ত পৰিস্থিতি

Sentinel Digital Desk

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত গোলাঘাট জিলা সংখ্যালঘূ ছাত্ৰ সন্থাৰ সভাপতিক চিকিৎসাধীন অৱস্থাৰ পৰাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অহা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশ । আমছু গোলাঘাট জিলা সমিতিৰ সভাপতি কাদিৰ আলিক ধন দাবী গোচৰত বিচাৰাধীন হৈ থকা এটা গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ পৰা চমজি লবলৈ আহোতে একাংশ আমছু সমৰ্থকে কৰে উত্তপ্ত পৰিস্থিতিৰ । নগাঁও বৰহাট বাইপাছৰ সমীপত ধন দাবী কৰাৰ অভিযোগ কাদিৰ আলিৰ বিৰুদ্ধে । নিশা আৰক্ষীয়ে নগাঁওলৈ নিয়াৰ পথত আমছু সমৰ্থকে বাধা প্ৰদান কৰে ।

যোৱা ১ অক্টোবৰত উৰিয়ামঘাট আৰক্ষীয়ে ধন দাবী অভিযোগত কাদিৰ আলি সহ ৬ জন আমছুৰ নেতাক গ্ৰেপ্তাৰ কৰিছিল । গ্ৰেপ্তাৰৰ পিছৰে পৰা অসুষ্ঠতাৰ বাবে

গোলাঘাট জিলা কাৰাগাৰৰ পৰা কাদিৰ আলিক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । কালি পুনৰ স্বাস্থ্য পৰীক্ষা কৰি নগাওঁ আৰক্ষীৰ কাষ্টডীলৈ প্ৰেৰণ কৰাৰ পিছতে একাংশ আমছু সমৰ্থকে গাড়ীৰ সন্মুখত পৰি প্ৰতিবাদ কৰে । এই লৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । গোলাঘাট আমছুৰ নেতা কৰ্মীয়ে কাদিৰ আলিক নিয়া বাহনৰ আগত পৰি প্ৰতিবাদ জনায় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।