শীৰ্ষ বাতৰি

গোলাঘাটৰ বন বিষয়া উমেশ চন্দ্ৰ দত্তক গ্ৰেপ্তাৰ

Sentinel Digital Desk

দৈগ্ৰোং বালি মহল কেলেংকাৰী সৈতে জড়িত থকাৰ অভিযোগত অনুসন্ধান শাখাই পলাতক অৱস্থাত গোলাঘাটৰ ডেপুটি ৰেঞ্জাৰ উমেশ চন্দ্ৰ দত্তক গোৱাহাটী আইএছবিটিৰ পৰা মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।গোলাঘাটত ডেপুটি ৰেঞ্জাৰ হিচাপে কৰ্মৰত হৈ থকা উমেশ চন্দ্ৰ দত্ত এপ্ৰিল মাহৰ পৰা পলাতক হৈ আছিল।দত্তক গ্ৰেপ্তাৰৰ লগে লগে দৈগ্ৰোং বালি মহল কেলেঙ্কাৰীৰ সৈতে জড়িত ব্যক্তিৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে।এতিয়াও পলাতক আন এজন অভিযুক্ত প্ৰফুল্ল চন্দ্ৰ লহকৰ।