শীৰ্ষ বাতৰি

চকীদাৰ এটি আত্মাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital Desk

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) দেওবাৰে আগন্তক নিৰ্বাচনত জয়ী হোৱাৰ আশ্বাস ৰাখি মন্তব্য কৰে যে চকীদাৰ ইউনিফৰ্ম পৰিহিত পৰিচয় নহয় ৷ চকীদাৰ শব্দটোৰ আঁৰত আছে এটি আত্মা ৷ চকীদাৰ হৈছে এটা আৱেগ,ভাৱনা ৷ দেশৰ অধিকাংশ প্ৰান্ততে সম্প্ৰতি গুঞ্জৰিত হৈছে "ম্যে ভী চকীদাৰ" শ্ল’গান ৷ তেনে সময়তে তালকোটৰা ষ্টেডিয়ামৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি দেশৰ লোকসকলৰ লগত মতবিনিময়ত অংশ লয় নৰেন্দ্ৰ মোডীয়ে ৷

ভিডিঅ’ কনফাৰেন্সৰ যোগেদি নৰেন্দ্ৰ মোডীয়ে কয় যে, ২০১৪ চনত যেতিয়া বিজেপিয়ে দেশৰ প্ৰত্যেক প্ৰান্তৰ দায়িত্ব লৈছিল,তেতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে লোকসকলক কৈছিল যে,দিল্লীৰ দায়িত্ব মানেই আপুনি এজন চকীদাৰৰ ওপৰত ভৰষা কৰিব পাৰে ৷ আকৌ এবাৰ দেশৰ জনসাধাৰণে আমাক দেশক সেৱা কৰিবলৈ সুযোগ দিছে ৷ "ম্যে ভী চকীদাৰ" শীৰ্ষক অনুষ্ঠানত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ইফালে,দেশৰ জনসাধাৰণক ৰজাৰ প্ৰয়োজন নাই বুলিও কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

লগতে কয় যে সম্প্ৰতি জনসাধাৰণে চকীদাৰক আকোঁৱালি লৈছে ৷শিক্ষক সকলৰ প্ৰসংগত মোডীয়ে কয় যে শিক্ষকসকল হৈছে দেশৰ বৃহৎ চকীদাৰ ৷ শিক্ষকসকলে আমাৰ নতুন প্ৰজন্মক সুৰক্ষা তথা শিক্ষা দিয়ে ৷ গতিকে মই শিক্ষকসকলক প্ৰণাম জনাইছো ৷ যদি শিক্ষকসকলে নিজৰ কৰ্তব্য পালন কৰে ৷ তেন্তে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হয় ৷ যদি আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰে,তেন্তে সমস্যাসমূহৰ সমাধান হয় ৷ আৰু এনেকৈয়ে সকলোৰে সহযোগত দেশখন প্ৰগতিৰ পথত আগবাঢ়িব বুলিও কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

মোডীয়ে কয় যে মই কৈছিলো যে মোৰ প্ৰয়াসে জনতাৰ অৰ্থ কেতিয়াও অপচয় নকৰে ৷ গতিকে, এজন চকীদাৰৰ ৰূপত দেশৰ সকলো কাৰ্য্য সমাধান কৰিব বুলি কয় মোডীয়ে ৷যেতিয়াৰ পৰা দেশৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোডীয়ে বহন কৰিছে,তেতিয়াৰ পৰা দেশৰ সকলো ধন দুৰ্নীতিকাৰী সকলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ কথাও উল্লেখ কৰে মোডীয়ে। আমি সকলো চকীদাৰ ৷

গতিকে দেশখনত শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। জনসাধাৰণৰ শক্তিশালী চৰকাৰ আৰু দেশ খনক আগবঢ়াই লৈ যাবলৈ চকীদাৰ হৈয়ে কাম কৰিব লাগিব ৷ অন্যহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সখন জৰিয়তে সমৰ্থকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি